অসম

assam

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 12:40 PM IST

ETV Bharat / entertainment

Leke Prabhu Ka Naam Song: অৰিজিতৰ কণ্ঠত ছলমান-কেটৰিণাৰ টাইগাৰ ৩ৰ প্ৰথমটো গীত চাওক

ছলমান খানৰ বহু প্ৰত্যাশিত ছবি টাইগাৰ 2 ৰ প্ৰথমটি গীত মুকলি ৷ এই গীতটিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ছলমান খানৰ ছবি কণ্ঠ নিগৰাইছে অৰিজিৎ সিঙে ৷ ইয়াত চাওক গীতটি ৷

Salman khan starrer Tiger 3 new song Leke Prabhu Ka Naam Released
টাইগাৰ 2 ৰ প্ৰথমটি গীত মুকলি

চিটাৰা ডেস্ক, 23 অক্টোবৰ: বলীউডৰ ভাইজান ছলমান খানে যেতিয়া কোনো প্ৰতিশ্ৰুতি দিয়ে, তেতিয়া তেওঁ সেই প্ৰতিশ্ৰুতি সময়মতে পূৰণ কৰে । শেহতীয়াকৈ ছলমান খানে ঘোষণা কৰিছিল যে ২৩ অক্টোবৰত অৰ্থাৎ আজি তেওঁ টাইগাৰ ৩ৰ ‘লেকে প্ৰভু কা নাম’ গীতটো মুকলি কৰিব । প্ৰতিশ্ৰুতি অনুসৰি ছলমান খানে আজি মুক্তি দিছে টাইগাৰ ৩ৰ এই গীতটো । গীতটি মুক্তিৰ লগে লগে ইণ্টাৰনেটত আলোড়নৰ সৃষ্টি কৰিছে । ছলমান খানৰ অনুৰাগীয়ে এই গীতটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল ।

গীতটিত ছলমান খান আৰু কেটৰিণা কাইফৰ ছিজলিং কেমিষ্ট্ৰী আকৌ এবাৰ অনুৰাগীয়ে ভাল পাইছে । ছলমানৰ সৈতে কেটৰিণাৰ নৃত্যই পুৰণি টাইগাৰ ফ্ৰেঞ্চাইজিৰ কথা মনত পেলাই দিয়ে । গীতটিৰ স্থান যথেষ্ট দৰ্শনীয় । ছলমান-কেটৰিণাৰ যুটি যেতিয়াই পৰ্দাত আহে, তেওঁলোকৰ ছবিয়ে আলোড়নৰ সৃষ্টি কৰে । টাইগাৰ আৰু জোয়াৰ এই শৈলীয়ে অনুৰাগীক টাইগাৰ জিন্দা হ্যাৰ ‘স্বাগ সে কাৰেংগে সবকা স্বাগত’ গীতটোৰ কথাও সোঁৱৰাই দিছে। ‘স্বাগ সে কাৰেংগে সবকা স্বাগত’ গীতটিয়ে ইউটিউভত 949 মিলিয়ন ভিউ লাভ কৰিছিল ৷

লেকে প্ৰভু কা নাম গীত বিষয়ে

গীতটোৰ সংগীত যথেষ্ট সুন্দৰ আছিল । এই গীতটিৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে অৰিজিত সিঙে ছলমানৰ খানৰ ছবিত নিজৰ কণ্ঠ নিগৰাইছে ৷ বহু বছৰৰ পৰা অনুৰাগীয়ে এই দিনটোৰ বাবে অপেক্ষা কৰি আছিল আৰু অৱশেষত আহিল এই দিনটো ৷ ছলমানৰ বাবে প্ৰথমটি গীত গালে অৰিজিতে ৷ গীতটি মুক্তিৰ লগে লগে লাখ লাখ দৰ্শকে চাইছে ৷ কেটৰিণা কাইফে এই গীতটিত ১০ বাৰ নিজৰ সাজ সলনি কৰিছে । একে সময়তে ছলমান খানো কেটৰিণাতকৈ কোনো গুণে কম নহয় । ছলমানেও বহু সাজ-পোছাক সলনি কৰিছে গীতটিত ৷ ছলমান খান আৰু কেটৰিণা কাইফৰ প্ৰচণ্ড নৃত্য দেখা গৈছে এই গীতটিত ।

মাশ্বাল্লাহ আৰু স্বাগ সে কাৰেংগে সবকা স্বাগত

টাইগাৰ ৩ৰ প্ৰথমটো গীত মুক্তি পোৱাৰ পিচত টাইগাৰ ফ্ৰেঞ্চাইজিৰ পুৰণি গীত মাশ্বাল্লাহ আৰু স্বাগ সে কাৰেংগে সবকা স্বাগত গীত দুটিলৈ সকলোৰে মনত পৰিছে ৷ অৱশ্যে এই দুটি গীতৰ তুলনাত লেক প্ৰভু কা নাম গীতটি কিছু দৰ্শকৰ বাবে ঠাণ্ডা যেন লাগিলে । গীতৰ স্থানৰ পৰা কাপোৰ-কানিলৈকে পুৰণি গীতৰ আভাস দেখা পোৱা গৈছে । ইয়াৰ উপৰিও ছলমান-কেটৰ শৈলীত পুৰণি আভাস স্পষ্টকৈ দেখা গৈছে ।

লগতে পঢ়ক:Tiger 3 First Song Teaser: টাইগাৰ ৩ ৰ প্ৰথমটি গীতৰ টিজাৰ মুকলি

ABOUT THE AUTHOR

...view details