চিটাৰা ডেস্ক, ২১ আগষ্ট:আগন্তুক ছবি ‘টাইগাৰ ৩’ৰ বাবে সাজু হৈ থকা ছলমান খানক ২০ আগষ্টত মুম্বাইত অনুষ্ঠিত হোৱা এখন পাৰ্টিত অংশগ্ৰহণ কৰা দেখা গৈছিল । কিন্তু এই পাৰ্টিত এক নতুন ৰূপত দেখা পোৱা গ’ল ভাইজানক । পাৰ্টীৰ পৰা ছুপাৰষ্টাৰগৰাকীৰ এই নতুন ৰূপৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এতিয়া অনুৰাগীয়ে জল্পনা-কল্পনা কৰিছে যে, ছলমানৰ নতুন ৰূপ বিষ্ণু বৰ্ধন আৰু কৰণ জোহৰৰ ছবিৰ বাবে হয়তো কৰিছে ।
যোৱা দেওবাৰে নিশা মুম্বাইৰ বেষ্টিয়নত এক পাৰ্টি আয়োজন কৰা হৈছিল । কিন্তু এই পাৰ্টিৰ মুখ্য আকৰ্ষণ হৈ পৰে ছুপাৰষ্টাৰ ছলমান খান ৷ কিয়নো পাৰ্টিত তেওঁক দেখা গৈছিল টকলা ৰূপত ৷ হয়, ভাইজানৰ এই টকলা ৰূপে সম্প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ছলমান খানৰ টকলা ৰূপৰ ফটো আৰু ভিডিঅ’ই ছ’চিয়েল মিডিয়াত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।
ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা গৈছে ছলমানক সকলো ক’লা ৰঙৰ লুকত । অল ক’লা আৰু টকলা ৰূপত ছলমান খানৰ শ্বেগ দেখা পোৱা যায় ভিডিঅ’টোত । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কৰণ জোহৰৰ বেনাৰত ধৰ্ম প্ৰডাকচনে প্ৰযোজনা কৰা পৰিচালক বিষ্ণু বৰ্ধনৰ আগন্তুক ছবিখনৰ বাবে ছলমান খানে এই ৰূপ ধাৰণ কৰিছে ৷