অসম

assam

By

Published : Apr 5, 2022, 7:05 PM IST

ETV Bharat / entertainment

Salman Khan court cases pending: সহায় বিচাৰি মুম্বাই উচ্চ ন্যায়ালয়ৰ দুৱাৰমুখত ছলমান

এজন সাংবাদিকৰ ফোন কাঢ়ি নিয়া আৰু তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ছলমান আৰু তেওঁৰ দেহৰক্ষীৰ বিৰুদ্ধে ৷ অভিযোগ দাখিল কৰাৰ পিছত দুয়োলৈকে দণ্ডাধীশৰ আদালতে নতুন চমন জাৰি কৰিছিল (Salman Khan court cases pending) ।

Salman Khan court cases pending
মুম্বাই উচ্চ ন্যায়ালয়ৰ দুৱাৰমুখত ছলমান

চিটাৰা ডেস্ক, 5 এপ্ৰিল:বলীউড অভিনেতা ছলমান খানে প্ৰায়ে অহা-যোৱা কৰিবলগীয়া হয় আদালতলৈ । বিভিন্ন গোচৰত নাম সাঙোৰ খাই আছে অভিনেতাজনৰ ৷ এতিয়া সাংবাদিকৰ হাতৰ পৰা ফোন কাঢ়ি নিয়া ঘটনা এটাত বেয়াকৈ সোমাই পৰিছে বলীউডৰ ভাইজান ৷

মুম্বাই উচ্চ ন্যায়ালয়ৰ দুৱাৰমুখত ছলমান

ছলমানে এতিয়া এই গোচৰটো সন্দৰ্ভত মুম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে । অভিযোগকাৰী অশোক শ্যামলাল পাণ্ডেই ছলমান খান আৰু তেওঁৰ দেহৰক্ষীৰ বিৰুদ্ধে আইপিচিৰ ৩২৪, ৩৯২, ৪২৬, ৫০৬(২), আৰ/ডব্লিউ ৩৪ ধাৰাৰ অধীনত অভিযোগ দাখিল কৰিছিল (Salman Khan court cases pending)।

মুম্বাই উচ্চ ন্যায়ালয়ৰ দুৱাৰমুখত ছলমান

2019 চনৰ ঘটনা এইয়া ৷ এজন সাংবাদিকৰ ফোন কাঢ়ি নিয়া আৰু তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ বাবে ছলমান খান আৰু তেওঁৰ দেহৰক্ষীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল সাংবাদিকজনে (Salman Khan court case) ৷ দণ্ডাধীশৰ আদালতে দুয়োলৈকে জাৰি কৰিছিল নতুন চমন । এতিয়া এই গোচৰৰ সন্দৰ্ভত অভিনেতাজন কাষ চাপিছে মুম্বাই উচ্চ ন্যায়ালয়ৰ ৷

ছলমান খানক জাৰি কৰা চমন অনুসৰি তেওঁ 5 এপ্ৰিলত দণ্ডাধীশৰ আদালতত হাজিৰ হোৱাৰ কথা আছিল । সাংবাদিকজনে ছলমানৰ বিৰুদ্ধে মুম্বাইৰ ডিএন নগৰ আৰক্ষী চকীত অভিযোগ দাখিল কৰিছিল ।

মুম্বাই উচ্চ ন্যায়ালয়ৰ দুৱাৰমুখত ছলমান

প্ৰকৃততে ঘটনাটো আছিল কি?

লিংকিং ৰোডত ছলমান খানে চাইকেলেৰে গৈ থকা অৱস্থাত তেওঁৰ ফটো তুলি থকা সাংবাদিক শ্যামলাল পাণ্ডেৰ পৰা ফোনটো কাঢ়ি লৈ যোৱাৰ অভিযোগ আছে ছলমানৰ বিৰুদ্ধে । আনহাতে ছলমান খানৰ দেহৰক্ষীয়ে আকৌ বিনা অনুমতিত অভিনেতাজনৰ ফটো তুলি থকাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল ৷ সাংবাদিক শ্যামলাল পাণ্ডেয়ে এই অভিযোগৰ সন্দৰ্ভত কৈছিল যে, তেওঁ অনুমতি লৈহে এই ফটো তুলিছিল ৷

লগতে পঢ়ক:গ্ৰেমীৰ মঞ্চত প্ৰথমবাৰলৈ পাকিস্তানী গায়িকা আৰুজ আফতাবৰ বঁটা লাভ

ABOUT THE AUTHOR

...view details