চিটাৰা ডেস্ক, 9 মে’ :ছুপাৰষ্টাৰ ছলমান খানক ই-মেইলযোগে হত্যাৰ ভাবুকি দিয়া অভিযুক্তৰ বিৰুদ্ধে লুকাউট চাৰ্কুলাৰ নোটিচ (এল অ’ চি) জাৰি কৰিছে মুম্বাই আৰক্ষীয়ে (Salman Khan)। মুম্বাই আৰক্ষীৰ চৰকাৰী সূত্ৰ অনুসৰি, মাৰ্চ মাহত এজন লোকে মাফিয়া কিংপিন গোল্ডি ব্ৰাৰৰ (Goldy Brar) নামত ই-মেইল প্ৰেৰণ কৰি বলীউডৰ তাৰকাগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল । এই লুক আউট জাননীৰ বিষয়ে তথ্য ৰাজধানী দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (আই জি আই বিমানবন্দৰ, নতুন দিল্লী) কে ধৰি দেশৰ সকলো প্ৰধান বিমানবন্দৰলৈ দিয়া হৈছে ।
লুকাউট চাৰ্কুলাৰ নোটিচৰ অৰ্থ হ’ল সেই অভিযুক্তই যেতিয়াই বিমানবন্দৰৰ মাজেৰে বিদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিব বা দেশৰ বাহিৰলৈ যাবলৈ চেষ্টা কৰিব তেতিয়াই বিমানবন্দৰতে আটক কৰিব পৰা যাব (Lookout Circular Notice-LOC) । ইয়াৰ পিচত মুম্বাই আৰক্ষীক খবৰ দিয়া হ’ব (Mumbai Police) ।
কেইবাবাৰো ভাবুকি লাভ কৰিছিল ছলমান খানে
পূৰ্বে কেইবাৰো ছলমান খানক মেইলযোগে ভাবুকি প্ৰদান কৰিছিল ৷ ইয়াৰ পিচত শেহতীয়াকৈ ১০ এপ্ৰিলত ছলমান খানৰ ছবি ‘কিছি কা ভাই কিছি কি জান’ (Film Kisi ka bhai, kisi ki jaan)ৰ ট্ৰেইলাৰ মুক্তি পাইছিল । সেই নিশাই এজন অচিনাকি ব্যক্তিয়ে মুম্বাই আৰক্ষীৰ কণ্ট্ৰল ৰুমলৈ ফোন কৰি ছলমান খানৰ নামত ভাবুকি দিছিল । অৱশ্যে সেই সময়ত আৰক্ষীয়ে সোধা প্ৰশ্নত ফোন কৰাজনে নিজকে ৰাজস্থানৰ যোধপুৰৰ বাসিন্দা বুলি কৈছিল । লোকজনে নিজকে গোৰক্ষক ৰকি ভাই বুলি পৰিচয় দিছিল (Salman Khan death threat row) । অভিযুক্ত ৰকি ভাইয়ে 30 এপ্ৰিলৰ ভিতৰত ছলমান খানক শেষ কৰিব বুলি ভাবুকি দিছিল ।