চিটাৰা ডেস্ক, ৭ জানুৱাৰী: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ জানুৱাৰীত লক্ষদ্বীপ ভ্ৰমণৰ কিছু ছবি শ্বেয়াৰ কৰিছিল । প্ৰধানমন্ত্ৰীয়ে ছবিৰ লগতে কেপচনত লক্ষদ্বীপৰ সৌন্দৰ্যকো প্ৰশংসা কৰিছিল । বহুতে প্ৰধানমন্ত্ৰী মোদীৰ ছবিসমহূক প্ৰশংসা কৰে আৰু ফটোবোৰো ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰে । এই ফটোবোৰত লক্ষদ্বীপৰ সৌন্দৰ্য দেখি মোহিত হৈ পৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী ।
এতিয়া ছলমান খানেও প্ৰধানমন্ত্ৰীৰ ছবিৰ ওপৰত নিজৰ মন্তব্য কৰি প্ৰশংসা কৰিছে । এক্স একাউন্টত পোষ্ট শ্বেয়াৰ কৰি ছলমান খানে লিখিছে - লক্ষদ্বীপৰ ধুনীয়া, পৰিষ্কাৰ সাগৰৰ পাৰত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰভাই মোদীক দেখা পাই বৰ ভাল লাগিল আৰু আটাইতকৈ ভাল কথাটো হ’ল এয়া আমাৰ ভাৰতৰ অংশ ।
ছলমানৰ উপৰিও লক্ষদ্বীপৰ সৌন্দৰ্যৰ শলাগ লৈছে বলীউডৰ আন বহু তাৰকাই । অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে এক্সত লক্ষদ্বীপৰ ফটো শ্বেয়াৰ কৰি লিখিছে - এই সকলোবোৰ ফটো আৰু মিমে মোক এতিয়া আচৰিত কৰি তুলিছে । লক্ষদ্বীপ ইমানেই ধুনীয়া যিটো স্থানীয় সংস্কৃতিৰে ভৰা, মই ছুটী উপভোগ কৰিবলৈ যাম । এই বছৰ ভাৰতীয় দ্বীপপুঞ্জ অন্বেষণ কৰক ।