অসম

assam

ETV Bharat / entertainment

Diwali Party: দীপাৱলী পাৰ্টিত তাৰকাৰ মেলা, ছলমান, ঐশ্বৰ্য, গৌৰী, নীতা আম্বানীকে ধৰি দেখা গ’ল এইসকল তাৰকাক - মনীষ মালহোত্ৰা

ভাৰতৰ বিখ্যাত ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাই দেওবাৰে নিজৰ ঘৰত দীপাৱলী পাৰ্টিৰ আয়োজন কৰিছিল । ৰেখা, ছলমান খানকে ধৰি বহু ডাঙৰ তাৰকাই তেওঁৰ এই পাৰ্টিত অংশ লৈছিল । চাওক ভিডিঅ’ ৷

Salman Khan, Aishwarya Rai , Gauri Khan, Nita Ambani, Rekha and other celebs join Manish Malhotra's Diwali Party, watch
মনীষ মালহোত্ৰাৰ দীপাৱলী পাৰ্টি

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 11:31 AM IST

চিটাৰা ডেস্ক, 6 নৱেম্বৰ:দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, কিন্তু এতিয়াৰে পৰা বলীউডৰ চেলিব্ৰিটিসকলে আৰম্ভ কৰিছে দীপাৱলী উদযাপন । দেওবাৰে বিখ্যাত ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাই চলচ্চিত্ৰ উদ্যোগ আৰু তেওঁৰ বিশেষ বন্ধুসকলৰ বাবে আয়োজন কৰিছিল দীপাৱলী পাৰ্টিৰ । য’ত অংশগ্ৰহণ কৰে বি-টাউনৰ বহু তাৰকাই । নীতা আম্বানী, ঐশ্বৰ্য ৰায়, ছলমান খান, ৰেখা, গৌৰী খান, সিদ্ধাৰ্থ মালহোত্ৰাই তেওঁৰ পত্নী কিয়াৰা আদৱানীৰ সৈতে আৰু ‘আৰ্চিছ’ৰ তাৰকা অভিনেতা-অভিনেত্ৰীসকলে এই দীপাৱলী পাৰ্টিত অংশগ্ৰহণ কৰে ।

মনীষ মালহোত্ৰাৰ দীপাৱলী পাৰ্টিত নীতা আম্বানীয়ে নিজৰ সৌন্দৰ্যৰে সকলোকে আপ্লুত কৰে । পুত্ৰ অনন্ত আম্বানীৰ হ’বলগীয়া পত্নী ৰাধিকা মাৰ্চেণ্টৰ সৈতে পাৰ্টিত উপস্থিত হৈছিল নীতা । পাৰ্টিৰ বাবে নীলা ৰঙৰ শাৰী বাছি লৈছিল নীতাই । ইফালে ৰাধিকাই পৰিধান কৰিছিল গধুৰ এম্ব্ৰয়ডাৰী কৰা লেহেংগা, য’ত ৰাধিকাক ধুনীয়া দেখা গৈছিল । পাৰ্টিত অংশগ্ৰহণ কৰাৰ পূৰ্বে দুয়োকে সেউজীয়া কাৰ্পেটত পাপাৰাজীৰ সন্মুখত পোজ দিয়া দেখা গৈছিল ।

ঐশ্বৰ্য ৰায় আৰু ছলমান খান

একে সময়তে ৰঙা ৰঙৰ চুট পৰিধান কৰি পাৰ্টিত উপস্থিত হৈছিল ঐশ্বৰ্য ৰায় বচ্চন । নূন্যতম মেকআপ, ৰঙা লিপষ্টিকত প্ৰাক্তন মিছ ৱৰ্ল্ডগৰাকীক ধুনীয়া দেখা গৈছিল । ছলমান খানেও এই পাৰ্টিত অংশগ্ৰহণ কৰিছিল । ধূসৰ ৰঙৰ টি-চাৰ্ট আৰু ক’লা কাৰ্গো পৰিধান কৰা ভাইজানক ডেছিং লাগিছিল ।

ৰেখা আৰু গৌৰী খান

চিৰসেউজ অভিনেত্ৰী ৰেখাকো পাৰ্টিত নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰা দেখা গৈছিল । ক’লা আৰু সোণালী ৰঙৰ শাৰী পৰিধান কৰা ৰেখাক ধুনীয়া দেখা গৈছিল । পাপাৰাজীৰ সন্মুখত পোজ দি থকাৰ সময়তে পাপাৰাজীক দীপাৱলীৰ শুভেচ্ছা জনাই আশীৰ্বাদ দিয়াও দেখা গৈছিল চিৰসেউজ অভিনেত্ৰীগৰাকীক । একে সময়তে বগা শাৰী পৰিধান কৰি পাৰ্টিত উপস্থিত হয় শ্বাহৰুখ খানৰ পত্নী গৌৰী খান ।

ইফালে হালধীয়া ৰঙৰ লেহেংগাত কিয়াৰাক অতি সুন্দৰ দেখা গৈছিল । আনহাতে সিদ্ধাৰ্থ মালহোত্ৰাই পৰিধান কৰিছিল ক’লা ৰঙৰ ষ্টাইলিছ কুৰ্তা পায়জামা । ‘আৰ্চিৰ’ তাৰকাসকলে তেওঁলোকৰ ষ্টাইলিছ ট্ৰেডিচনেল লুকেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । শ্বাহৰুখ খানৰ কন্যা সুহানা খান আৰু খুশি কাপুৰে ৰঙা আৰু সোণালী ৰঙৰ লেহেংগাত পাৰ্টিত সকলোকে দৃষ্টি আকৰ্ষণ কৰিছিল ।

লগতে পঢ়ক:Ranbir Kapoor: অৰিজিতৰ কনচাৰ্টত ৰণবীৰ কাপুৰৰ হঠাৎ এন্ট্ৰি, চান্না মেৰেয়া গীতত কৰিলে নৃত্য

ABOUT THE AUTHOR

...view details