চিটাৰা ডেস্ক, ১৪ জানুৱাৰী:আমিৰ খানৰ কন্যা আইৰা খান আৰু নুপুৰ শিখাৰেৰ বিবাহ বৰ্তমান বি-টাউনত চৰ্চিত বিষয় । প্ৰথমে আইনী বিবাহ সম্পন্ন হয়, তাৰ পিচত ১০ জানুৱাৰীত উদয়পুৰত ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হয় আইৰা-নুপুৰ ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে আইৰা ইছলাম ধৰ্মাৱলম্বী হোৱাৰ বিপৰীত নুপুৰ হিন্দু মাৰাঠী পৰিয়ালৰ ৷ কিন্তু মনকৰিবলগীয়া বিষয় যে দুয়োৰে বিবাহ ইছলাম বা হিন্দু ধৰ্মৰ ৰীতি-নীতি অনুসৰি হোৱা নাই ৷ বৰঞ্চ খ্ৰীষ্টান ধৰ্ম অনুসৰি হে হৈছে ৷ অৱশ্যে উদয়পুৰত বিবাহৰ পিচতে শনিবাৰে সন্ধিয়া মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হয় আইৰা-নুপুৰৰ অভ্যৰ্থনাত অনুষ্ঠান ।
আইৰা-নুপুৰৰ ৰিচেপচন পাৰ্টিত তাৰকা মেলা
আইৰা-নুপুৰৰ অভ্যৰ্থনা অনুষ্ঠান বহু ডাঙৰ ডাঙৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰে । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু মুকেশ আম্বানীয়েও জিঅ’ ৱৰ্ল্ড চেণ্টাৰত উপস্থিত হৈ এই নৱবিবাহিতা দম্পতীক আশীৰ্বাদ দিয়ে । আমিৰ খানৰ বন্ধু শ্বাহৰুখ খান আৰু ছলমান খানেও এই ৰিচেপচন পাৰ্টিত অংশগ্ৰহণ কৰে । সম্প্ৰতি অভ্যৰ্থনা অনুষ্ঠানৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
পাৰ্টিত প্ৰথম প্ৰৱেশ আছিল দৰা-কইনাৰ য’ত দুয়োগৰাকী পাপাৰাজীৰ সন্মুখত ভিন্ন ভংগীমাৰে পোজ দিয়ে । ইয়াৰ পিচত আইৰা আৰু নুপুৰে পৰিয়ালৰ সৈতেও ছবি ক্লিক কৰে ।