চিটাৰা ডেস্ক, ২২ ডিচেম্বৰ: প্ৰশান্ত নীল পৰিচালিত প্ৰভাস অভিনীত ছবি ‘Salaar Part 1 - Ceasefire’ৰ আজি চিনেমাগৃহত মুক্তি লাভ কৰিছে ৷ মুক্তিৰ লগে লগে অনুৰাগীৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিছে ছবিখনে । ছবিখনৰ কাহিনী দুজন বন্ধুৰ আধাৰত নিৰ্মিত, যি পিচলৈ তেওঁলোকৰ নৈতিকতা আৰু মূল্যবোধৰ মিল নোহোৱাত ইজনে সিজনৰ শত্ৰু হৈ পৰে ।
ছবিখনৰ প্ৰথম দিনাৰ প্ৰথম শ্ব’ পুৱা ১ বজাৰ পৰা আৰম্ভ হৈছিল আৰু সকলো বিশেষ শ্ব’ পুৱা ৩ আৰু ৪ বজাত চিনেমাগৃহত প্ৰদৰ্শিত হৈছে । ছবিখনে দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছে । ইয়াৰ লগতে ছ’চিয়েল মিডিয়াত ছবিখনৰ সন্দৰ্ভত দৰ্শকে নিজৰ মতামতো শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছে । গতিকে জানো আহক প্ৰভাসৰ ছালাৰ কেনেকুৱা পালে দৰ্শকে ৷
ছালাৰে ছ’চিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক প্ৰশংসা
অৱশেষত মুক্তি লাভ কৰিছে ‘ছালাৰ: পাৰ্ট ১ – ছিজফাইৰ’ । মুকলিৰ লগে লগে ছবিখনে জয় কৰিছে দৰ্শকৰ মন । ছবিখনৰ প্ৰথম দিনাৰ প্ৰথম শ্ব’ চোৱা লোকসকলে এতিয়া ছ’চিয়েল মিডিয়াত ছবিখনৰ ৰিভিউ শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছে । বহু ব্যৱহাৰকাৰীয়ে ইয়াক অভিনেতাজনৰ ‘সৰ্ববৃহৎ’ কামবেক বুলি অভিহিত কৰাৰ লগতে ছবিখনক ‘সকলোৱে চাব লাগে’ বুলিও কৈছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "এইখন এখন ব্লকবাষ্টাৰ চিনেমা, প্ৰভাসৰ অভিনয় অতি সুন্দৰ আছিল, শ্ব’ আৰু পৰিচালনা শীৰ্ষ পৰ্যায়ৰ, ব্লকবাষ্টাৰ চিনেমা, দ্য ৰেবেল ইজ বেক । চুনামীৰ সৃষ্টি কৰিব ছবিখনে ।"