চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: পান ইণ্ডিয়াৰ অভিনেতা প্ৰভাসৰ সদ্য মুক্তি পোৱা ছবি ‘ছালাৰ’ দৰ্শকে যথেষ্ট ভাল পাইছে । মুক্তিৰ লগে লগে ছবিখনে বক্স অফিচত সৃষ্টি কৰিছে ধুমুহা । কেৱল ঘৰুৱা বক্স অফিচতে নহয়, সমগ্ৰ বিশ্বৰ চিনেমাগৃহতে উপাৰ্জনৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ‘ছালাৰ’এ । ২২ ডিচেম্বৰত চিনেমাগৃহত মুক্তি পোৱা ‘ছালাৰ’ৰ আজি মুক্তিৰ ৫ দিন হ’ল । বৰ্তমান ৪ দিনৰ মুঠ বিশ্বব্যাপী উপাৰ্জনৰ সংখ্যা পোহৰলৈ আহিছে ৷ গতিকে জানো আহক ছবিখন চাৰি দিনত বিশ্বব্যাপি কিমান টকা উপাৰ্জন কৰিছে ।
বাণিজ্য বিশ্লেষক মনোবালা বিজয়নে এক্সত পোষ্ট কৰি ছালাৰৰ ৪ দিনীয়া বিশ্বব্যাপী সংগ্ৰহৰ তথ্য দিছে । বাণিজ্য বিশ্লেষকগৰাকীয়ে লিখিছে- ছালাৰ বিশ্বব্যাপি বক্স অফিচ উপাৰ্জন, মাত্ৰ ৪ দিনতে ৪৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে ছবিখনে । জেইলাৰ, পাঠান, জৱান, এনিমেল আৰু গদৰ ২ৰ পিচত এই ছবিখন বছৰৰ ষষ্ঠখন ছবি হ’ব যিয়ে ৫০০ কোটি টকাৰ ক্লাবত যোগদান কৰিছে ।
মনোবালা বিজয়নে লগতে কয় যে প্ৰথম দিনাই বিশ্বজুৰি ‘ছালাৰ’এ ১৭৬.৫২ কোটি টকা উপাৰ্জন কৰিছিল । দ্বিতীয় দিনা ছবিখনে ১০১.৩৯ কোটি টকা উপাৰ্জন কৰে । তৃতীয় দিনা ‘ছালাৰ’এ ৯৫.২৪ কোটি টকা উপাৰ্জন কৰিছিল আৰু এতিয়া চতুৰ্থ দিনটোত ৭৬.৯১ কোটি টকাৰ ব্যৱসায় কৰিছে । এইদৰে ৪ দিনত ছবিখনৰ মুঠ বিশ্বব্যাপী সংগ্ৰহ হয়গৈ ৪৫০.০৬ কোটি টকা ।