চিটাৰা ডেস্ক, 13 অক্টোবৰ: বক্স অফিচত অব্যাহত আছে শ্বাহৰুখ খানৰ আধিপত্য । এই বছৰটোত বক্স অফিচৰ কিং ৰূপে পৰিগণিত হৈছে শ্বাহৰুখ খান । এই বৰ্ষৰ (2023) আৰম্ভণিতে বক্স অফিচত আধিপত্য বিস্তাৰ কৰিছে ‘পাঠান’ ছবিখনে ৷ পাঠানৰ বিপুল সফলতাৰ পিচত ‘জৱান’ৰ জৰিয়তে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে অভিনেতাগৰাকীয়ে । এই বৰ্ষত কেৱল এই দুখন ছবিৰেই সীমিত নাথাকে কিং খান ৷ শেহতীয়াকৈ শ্বাহৰুখে এই বছৰৰ তৃতীয়খন ছবি ‘ডাংকি’ৰ কথা ঘোষণা কৰিছিল । শ্বাহৰুখে কৈছিল যে চলিত বৰ্ষৰ বৰদিন উপলক্ষে মুক্তি পাব ছবিখন । ইয়াৰ পিচতে অনুৰাগীসকল অতিশয় আগ্ৰহী হৈ পৰিছিল ছবিখনৰ বাবে ৷
ইফালে ডাংকিৰ উপৰিও প্ৰভাসৰ আগন্তুক ‘Salaar - Part 1 Ceasefire’ ছবিখনো ডিচেম্বৰ মাহত মুক্তি দিয়া হ’ব বুলি ঘোষণা কৰিছিল নিৰ্মাতাই ৷ ইয়াৰ পিচতেই ছালাৰ আৰু ডাংকিৰ মাজত সংঘৰ্ষ হ’ব বুলি সকলোৱে অনুমান কৰিছিল । কিন্তু এতিয়া শেহতীয়া খবৰ অনুসৰি শ্বাহৰুখে ডাংকিৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে ।
ট্ৰেড এনালাইষ্ট মনোবালা বিজয়বালানে ছ’চিয়েল মিডিয়াত ডাংকিৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়াৰ সন্দৰ্ভত তথ্য প্ৰদান কৰিছে । মনোবালাই লিখিছে, ‘‘ছালাৰ আৰু ডাংকিৰ সংঘৰ্ষ নহয় । শ্বাহৰুখ খানৰ ডাংকিৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হ’ব । প্ৰভাসৰ ছবি “ছালাৰ” অকলে চিনেমাগৃহত মুক্তি পাব ।’’