চিটাৰা ডেস্ক, ১৯ ডিচেম্বৰ:২০২৩ চনৰ শেষৰ ফালে বক্স অফিচত দুখন ডাঙৰ ছবিৰ মাজত বৃহৎ প্ৰতিযোগিতা হ’ব । ইয়াৰ ভিতৰত আছে শ্বাহৰুখ খানৰ ‘ডাংকি’ আৰু প্ৰভাস অভিনীত ছবি ‘ছালাৰ’ । দুয়োখন ছবিক লৈ অনুৰাগীৰ উচাহ তুংগত উঠিছে । এই সকলোবোৰৰ মাজতে ‘ডাংকি’ আৰু ‘ছালাৰ’ৰ অগ্ৰিম বুকিং আৰম্ভ হৈছে । এতিয়া কোনখন ছবি মুক্তিৰ পূৰ্বে উপাৰ্জনৰ ক্ষেত্ৰত আগবাঢ়ি আছে জানো আহক ?
‘ডাংকি’ আৰু ‘ছালাৰ’ৰ অগ্ৰিম বুকিঙত কোনখন আগবাঢ়ি আছে ?
মুক্তিৰ পূৰ্বেই শ্বাহৰুখ খানৰ বছৰৰ তৃতীয়খন প্ৰত্যাশিত ছবি ‘ডাংকি’ আৰু প্ৰভাসৰ ‘ছালাৰ’ৰ মাজত কঠোৰ প্ৰতিযোগিতা আৰম্ভ হৈছে । দুয়োখন ছবিৰ অগ্ৰিম বুকিঙৰ স্থিতি আচৰিত ধৰণৰ । অৱশ্যে প্ৰি-টিকট বিক্ৰীৰ ক্ষেত্ৰত শ্বাহৰুখ খানৰ ছবিখনে প্ৰভাসৰ ছবিখনক বৃহৎ প্ৰতিযোগিতা দিছে ।
- SACNILC ৰ প্ৰতিবেদন অনুসৰি ‘ডাংকি’ৰ প্ৰথম দিনটোৰ বাবে এতিয়ালৈকে ২ লাখ ৫৭ হাজাৰ ৯৩০ টিকট বিক্ৰী হৈছে।
- ইয়াৰ লগে লগে ‘ডাংকি’এ এই পৰ্যন্ত প্ৰি-টিকট বিক্ৰীত ৭.৫৪ কোটি টকা উপাৰ্জন কৰিছে ।
- আনহাতে Salaar: Part 1 – Ceasefire এ, এতিয়ালৈকে সকলো ভাষাতে ২ লাখ ৫০ হাজাৰ ১৩৪ টা টিকট বিক্ৰী হৈছে ।
- ইয়াৰ লগে লগে ছালাৰে মুক্তিৰ পূৰ্বে অগ্ৰিম বুকিং কৰি ৬.০৭ কোটি টকা উপাৰ্জন কৰিছে ।
অগ্ৰিম বুকিঙত ছালাৰক পৰাস্ত কৰিলে ডাংকিয়ে
বৰ্তমান শ্বাহৰুখ খানৰ ডাংকিয়ে অগ্ৰিম বুকিঙৰ ক্ষেত্ৰত প্ৰভাসৰ ছালাৰতকৈ আগবাঢ়ি আছে । দুয়োখন ছবিৰ প্ৰি-ৰিলিজ সংগ্ৰহত এক কোটি টকাৰো অধিক পাৰ্থক্য আছে । এতিয়া উল্লেখ্য হ’ব যে শ্বাহৰুখ আৰু প্ৰভাসৰ ছবি মুক্তিৰ পিচত বক্স অফিচত কোনখনে আদিপত্য বিস্তাৰ কৰিব ৷