অসম

assam

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 4:11 PM IST

ETV Bharat / entertainment

Salaar: প্ৰভাসৰ জন্মদিনত মুকলি ছালাৰৰ নতুন পোষ্টাৰ

প্ৰভাসৰ জন্মদিনত মুক্তি পালে তেওঁৰ বহু প্ৰত্যাশিত ছবি ছালাৰৰ নতুন পোষ্টাৰ । পোষ্টাৰখন মুকলি কৰি ছুপাৰষ্টাৰগৰাকীৰ জন্মদিনৰ শুভেচ্ছাও জনাইছে নিৰ্মাতাই । পোষ্টাৰখনত ভিন্ন লুকত দেখা গৈছে ছুপাৰষ্টাৰগৰাকীক ।

Salaar new poster released on the occasion of Prabhas birthday
ছালাৰৰ নতুন পোষ্টাৰ

চিটাৰা ডেস্ক, 23 অক্টোবৰ:প্ৰভাসৰ বহু প্ৰত্যাশিত ছবি ‘ছালাৰ’ক লৈ আচৰিত ধৰণৰ উন্মাদনা দেখা গৈছে অনুৰাগীৰ মাজত । ছবিখনক লৈ অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে । ইফালে অনুৰাগীৰ উত্তেজনা দুগুণ কৰিবলৈ নিৰ্মাতাই ছবিখনৰ নতুন পোষ্টাৰ মুকলি কৰিছে । এই পোষ্টাৰখন শ্বেয়াৰ কৰি ছবিখনৰ নিৰ্মাতাই ছুপাৰষ্টাৰগৰাকীক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাইছে ।

ছালাৰৰ নতুন পোষ্টাৰ মুকলি

ছবিখনৰ পোষ্টাৰখন অতি আকৰ্ষণীয় দেখা গৈছে, য’ত প্ৰভাসক কেৱল এটা নহয়, দুটাকৈ অৱতাৰত দেখা গৈছে । এই পোষ্টাৰখন ছ’চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে । অনুৰাগীয়ে তেওঁৰ এই ৰূপৰ প্ৰশংসা কৰিছে । উল্লেখ্য যে অহা ২৮ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখন ।

কিমান টকাত বিক্ৰী হৈছে অ’টিটিৰ অধিকাৰ

পূৰ্বে ‘ছালাৰ’ৰ অ’টিটিৰ ৰাইট বিক্ৰী হোৱাৰ খবৰ আহিছিল । সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছবিখনৰ অধিকাৰ ৮০ কোটি টকাত বিক্ৰী হৈছে । এনে পৰিস্থিতিত প্ৰভাসৰ এই ছবিখনে এছ এছ ৰাজামৌলিৰ ছবি আৰ আৰ আৰক পৰাস্ত কৰিছে । হয়, আৰ আৰ আৰৰ অ’ টি টি ৰাইট ৭৫ কোটি টকাত বিক্ৰী হৈছিল ।

‘ছালাৰ’ৰ পৰা প্ৰভাসৰ বহু আশা

উল্লেখ্য যে প্ৰভাসৰ শেষৰ দুখন ছবি ‘আদিপুৰুষ’ আৰু ‘ৰাধে শ্যাম’ বক্স অফিচত ফ্লপ ৰূপে পৰিগণিত হৈছে । এনে পৰিস্থিতিত প্ৰভাসৰ আগন্তুক ছবি ‘ছালাৰ’ৰ পৰা বহু আশা । তেওঁৰ লগতে অভিনেত্ৰী শ্ৰুতি হাছান আৰু মীনাক্ষী চৌধাৰীয়েও ছবিখনত অন্যান্য চৰিত্ৰত অভিনয় কৰা দেখা যাব । অহা ২৮ ছেপ্টেম্বৰত ছবিখন ছবিগৃহত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক:Leke Prabhu Ka Naam Song: অৰিজিতৰ কণ্ঠত ছলমান-কেটৰিণাৰ টাইগাৰ ৩ৰ প্ৰথমটো গীত চাওক

ABOUT THE AUTHOR

...view details