চিটাৰা ডেস্ক, ২৫ ডিচেম্বৰ: প্ৰভাস অভিনীত ছবি ‘ছালাৰ’এ দৰ্শকৰ পৰা উৎকৃষ্ট সঁহাৰি লাভ কৰিছে । ছবিখন চাবলৈ চিনেমাহলত বিপুল জনসমাগম দেখা গৈছে । কেৱল ইমানেই নহয়, এই ছবিখনে মুকলিৰ দিনৰে পৰা নতুন নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । আনকি ছুটিৰ দিনতো অৰ্থাৎ দেওবাৰেও প্ৰভাসৰ ‘ছালাৰ’এ বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে । মুক্তিৰ তৃতীয় দিনা ছবিখনে কিমান কোটি টকা উপাৰ্জন কৰিছে জানো আহক ।
মুক্তিৰ তৃতীয় দিনা ‘ছালাৰ’এ কিমান কোটি টকা উপাৰ্জন কৰিলে ?
মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত ঢৌ তুলিবলৈ সক্ষম হৈছিল ছালাৰে । ৯০ কোটিতকৈ অধিক টকাৰে ছবিখনে বক্স অফিচত অ’পেনিং কৰে আৰু ইয়াৰ লগে লগে ছবিখনে বছৰৰ সৰ্ববৃহৎ অ’পেনাৰ ছবি হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হয় । এই ছবিখনে ছুটিৰ দিনতো অৰ্থাৎ দেওবাৰৰ দিনতো ছবিখনে ব্যাপক ধন উপাৰ্জন কৰে । ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে মুক্তিৰ দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে ‘ছালাৰ’এ ৫৬.৭ কোটি টকা উপাৰ্জন কৰে । এতিয়া ছবিখনৰ তৃতীয় দিন অৰ্থাৎ দেওবাৰৰ উপাৰ্জনৰ সংখ্যাও পোহৰলৈ আহিছে ।
- Sacknilk ৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি ‘ছালাৰ’ মুক্তিৰ তৃতীয় দিনা অৰ্থাৎ দেওবাৰে ৬১.০০ কোটি টকা উপাৰ্জন কৰিছে ।
- ইয়াৰ লগে লগে ভাৰতত ‘ছালাৰ’ৰ তিনিদিনৰ মুঠ উপাৰ্জন হৈছেগৈ ২০৮.০৫ কোটি টকা ।
ছালাৰৰ সন্মুখত ধৰাশায়ী হ’ল ডাংকি !