চিটাৰা ডেস্ক, ৫ জানুৱাৰী:প্ৰভাস অভিনীত ছবি ‘ছালাৰ’এ বক্স অফিচত ৯০ কোটি টকাৰে এক সুন্দৰ আৰম্ভণি কৰিছিল ৷ কেৱল ইমানেই নহয়, ২০২৩ চনৰ সৰ্ববৃহৎ অ’পেনাৰৰ ছবি হিচাপে পৰিগণিত হৈছে ছালাৰ । প্ৰথম সপ্তাহত ছবিখনে ব্যাপক ধন উপাৰ্জন কৰিছিল যদিও দ্বিতীয় সপ্তাহত ছবিখনৰ উপাৰ্জন কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰে । কিন্তু নৱবৰ্ষত ‘ছালাৰ’এ আকৌ উপাৰ্জনৰ গতি লাভ কৰিছিল । কিন্তু এতিয়া আকৌ এবাৰ এই ছবিখনৰ উপাৰ্জন কমি আহিছে । এই প্ৰতিবেদনত জানো আহক 'ছালাৰ' মুক্তিৰ ১৪ দিনত কিমান কোটি টকা উপাৰ্জন কৰিছে ৷
মুক্তিৰ ১৪ দিনত ‘ছালাৰ’এ কিমান কোটি টকা উপাৰ্জন কৰিছে ?
প্ৰভাসৰ ‘ছালাৰ’ ছবিখনে দুসপ্তাহ ধৰি বক্স অফিচত আধিপত্য বিস্তাৰ কৰি আহিছে । এই ছবিখনে বক্স অফিচত দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে । প্ৰভাস অভিনীত এই ছবিখনৰ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ‘ছালাৰ’ মুক্তিৰ প্ৰথম সপ্তাহতে ৩০৮ কোটি টকা উপাৰ্জন কৰিছিল । দ্বিতীয় সপ্তাহতো ছবিখনে ভাল উপাৰ্জন কৰিছে । ‘ছালাৰ’এ ৮ম দিনত ৯.৬২ কোটি, ৯ দিনত ১২.৫৫ কোটি, দশম দিনত ১৫.১ কোটি, ১১ দিনত ১৬.৬ কোটি, দ্বাদশ দিনত ৬.৪৫ কোটি আৰু ত্ৰয়োদশ দিনত ৫.১৮ কোটি টকা উপাৰ্জন কৰে । এতিয়া ছবিখন মুক্তিৰ ১৪ দিনৰ উপাৰ্জন প্ৰকাশ পাইছে ।
- Sacknilk ৰ প্ৰতিবেদন অনুসৰি ‘ছালাৰ’ মুক্তিৰ দ্বিতীয় বৃহস্পতিবাৰ অৰ্থাৎ ১৪ দিনত ৪.৫০ কোটি টকা উপাৰ্জন কৰিছে।
- ইয়াৰ লগে লগে ভাৰতত ১৩ দিনত ‘ছালাৰ’ৰ মুঠ উপাৰ্জন হৈছেগৈ ৩৭৮.০০ কোটি টকা।