চিটাৰা ডেস্ক, ২ জানুৱাৰী:বক্স অফিচত অব্যাহত আছে প্ৰভাস অভিনীত ছবি ‘ছালাৰ’ৰ ধাৰাবাহিক উপাৰ্জন । এই ছবিখনে মুক্তিৰ প্ৰথম দিনাই ভাৰতত ৯০ কোটিতকৈ অধিক ধন সংগ্ৰহ কৰি ২০২৩ চনৰ সৰ্ববৃহৎ অ’পেনাৰ ছবিৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় । তেতিয়াৰ পৰা এই ছবিখনে প্ৰতিদিনে ভংগ কৰি আহিছে বহু ছবিৰ অভিলেখ । আনকি বছৰৰ শেষৰ দিনটো অৰ্থাৎ দ্বিতীয় দেওবাৰে ‘ছালাৰ’এ বাম্পাৰ উপাৰ্জন কৰিছিল । গতিকে এই প্ৰতিবেদনত জানো আহক ছবিখন মুক্তিৰ ১১ দিনত অৰ্থাৎ দ্বিতীয় সোমবাৰে কিমান কোটি টকা উপাৰ্জন কৰিছে ৷
মুক্তিৰ ১১ দিনত কিমান উপাৰ্জন কৰিলে 'ছালাৰ'এ ?
বক্স অফিচত ধুমুহাৰ গতিত উপাৰ্জন কৰা ‘ছালাৰ’এ এই পৰ্যন্ত বহু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । এই ক্ৰাইম থ্ৰিলাৰ ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে । প্ৰভাসৰ এই একচন ভৰ্তি ছবিখন চাবলৈ চিনেমাহলত বিপুল জনসমাগম দেখা গৈছে । ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে মুক্তিৰ প্ৰথম সপ্তাহতে ‘ছালাৰ’এ ভাৰতত ৩০৮ কোটি টকা সংগ্ৰহ কৰিছিল আৰু দ্বিতীয় সপ্তাহতো বক্স অফিচত ঢৌ তুলিছে । মুক্তিৰ দ্বিতীয় শুকুৰবাৰে এই ছবিখনে ৯.৬২ কোটি টকা উপাৰ্জন কৰিছিল । দ্বিতীয় শনিবাৰে ছবিখনে ১২.৫৫ কোটি টকা সংগ্ৰহ কৰিছিল আৰু দ্বিতীয় দেওবাৰে ছবিখনৰ উপাৰ্জনত ২০.৩২ শতাংশ জঁপিয়াই পৰাৰ লগতে ১৫.১ কোটি টকা উপাৰ্জন কৰিছিল । এতিয়া ছবিখন মুক্তিৰ দ্বিতীয় সোমবাৰৰ উপাৰ্জন পোহৰলৈ আহিছে ।
- Sacknilk ৰ প্ৰতিবেদন অনুসৰি ‘ছালাৰ’ মুক্তিৰ ১১ দিনত অৰ্থাৎ দ্বিতীয় সোমবাৰে ১৫.৫০ কোটি টকা সংগ্ৰহ কৰিছে ।
- ইয়াৰ লগে লগে ভাৰতত ১১ দিনত ‘ছালাৰ’ৰ মুঠ উপাৰ্জন হৈছেগৈ ৩৬০.৭৭ কোটি টকা ।