চিটাৰা ডেস্ক, ২২ ডিচেম্বৰ : প্ৰভাসৰ বহু প্ৰত্যাশিত একচন থ্ৰিলাৰ ছবি ‘ছালাৰ : পাৰ্ট-১ ছিজফাইয়াৰ’ অৱশেষত ২২ ডিচেম্বৰত অৰ্থাৎ আজি ছবিগৃহত মুক্তি লাভ কৰিছে । যিহেতু একে সময়ত শ্বাহৰুখ খানৰ ‘ডাংকি’ও মুকলি হৈছে ৷ গতিকে দুয়োখন ছবিৰ মাজত সংঘৰ্ষ হোৱাটো নিশ্চিত হৈ পৰিছে । যদিও দুয়োখন ছবিক লৈ অনুৰাগীৰ মাজত উন্মাদনা দেখা গৈছে ৷ তথাপিও কিন্তু উপাৰ্জনৰ ক্ষেত্ৰত ছালাৰে ‘ডাংকি’ক ধূলিসাৎ কৰিবলৈ সক্ষম হৈছে ।
প্ৰভাসৰ ছবিখনৰ অগ্ৰিম বুকিঙৰ উপাৰ্জন (প্ৰায় ৫০ কোটি) ‘ডাংকি’ৰ মুকলি দিনৰ উপাৰ্জনকৈ (৩০ কোটি)তকৈ বহু বেছি । আনকি ‘ছালাৰ’এ শ্বাহৰুখ খানৰ বছৰৰ সৰ্ববৃহৎ ছবি ‘জৱান’ৰ অভিলেখো ভংগ কৰিছে । গতিকে জানো আহক ছবিখনে প্ৰথম দিনাই বক্স অফিচত কিমান ধন উপাৰ্জন কৰিছে ।
ছালাৰৰ প্ৰথম দিনৰ উপাৰ্জন
প্ৰভাসৰ ‘ছালাৰ’ মুক্তিৰ পিচৰে পৰা বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে । দৰ্শকৰ মাজত ছবিখনৰ ব্যাপক উন্মাদনা দেখা গৈছে আৰু প্ৰথম দিনাই ছবিখন চাবলৈ চিনেমা হলত দেখা গৈছে দৰ্শকৰ বিপুল ভিৰ । বহু ছবিগৃহত সকলো শ্ব’ হাউচফুল হৈ আছে । এই সকলোবোৰৰ মাজতে মুক্তিৰ লগে লগে ‘ছালাৰ’এ ৰচিলে ইতিহাস । ছবিখনে প্ৰথম দিনাই অগ্ৰিম বুকিঙৰ পৰা প্ৰায় ৫০ কোটি টকা সংগ্ৰহ কৰিছিল আৰু এতিয়া প্ৰথম দিনাৰ উপাৰ্জনৰ প্ৰাৰম্ভিক পৰিসংখ্যাও পোহৰলৈ আহিছে ।
- Sacknilk ৰ আৰম্ভণিৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি মুক্তিৰ প্ৰথম দিনা ‘ছালাৰ’এ ৯৫ কোটি টকাৰ ঐতিহাসিক মুকলি কৰিব পাৰে ।
- যদিও এয়া আগতীয়া অনুমান হে, তথাপিও অফিচিয়েল তথ্য অহাৰ পিচত এই সংখ্যাৰ সামান্য পৰিৱৰ্তন হ’ব পাৰে ।