অসম

assam

ETV Bharat / entertainment

Sajid Divya Wedding Anniversary: প্ৰেমৰ বাবেই ইছলামত দীক্ষিত হৈছিল দিব্যা ভাৰতী; ছাজিদে পাহৰিব পৰা নাই দিব্যাক

মাত্ৰ ১৬ বছৰ বয়সতে ছবি জগতত ভৰি দি উন্নতিৰ শীৰ্ষত উপনীত হৈছিল দিব্যা ভাৰতী ৷ বৰ্তমান অভিনেত্ৰীগৰাকী আমাৰ মাজত নাই যদিও অভিনেত্ৰীগৰাকীৰ বিষয়ে আজিও সততে চৰ্চা হয় । আজি ছাজিদ আৰু দিব্যাৰ বিবাহ বাৰ্ষিকী (Sajid Divya Wedding Anniversary) ৷ গতিকে জানো আহক ছাজিদ-দিব্যাৰ প্ৰেম কাহিনীৰ বিষয়ে কিছু কথা ৷

Sajid and Divya Wedding Anniversary: Know about Divya Bharti And Sajid Nadiadwalas Relationship
আজি ছাজিদ আৰু দিব্যাৰ বিবাহ বাৰ্ষিকী

By

Published : May 10, 2023, 8:14 PM IST

চিটাৰা ডেস্ক, 10 মে’: অতি কম বয়সতে নিজৰ উৎকৃষ্ট অভিনয়ৰে দৰ্শকৰ হৃদয়ত স্থান বনাবলৈ সক্ষম হৈছিল 90 ৰ দশকৰ মোহময়ী অভিনেত্ৰী দিব্যা ভাৰতীয়ে (Divya Bharti) ৷ ১৯৯২ চনত ৰাজীৱ ৰায়ৰ ‘বিশ্বাত্মা’ ছবিৰ জৰিয়তে ছবিজগতত ভঢ়ি দিছিল অভিনেত্ৰীগৰাকীয়ে । ইয়াৰ পিচতে ইটোৰ পিচত সিটো হিট ছবি উপহাৰ দিছিল দৰ্শকক ৷ অতি কম সয়মত উন্নতিৰ শিখৰ চুবলৈ সক্ষম হৈছিল অভিনেত্ৰীগৰাকী ৷ কিন্তু দুৰ্ভাগ্যবশতঃ এটা ঘটনাই প্ৰাণ কাঢ়ি নিয়ে অভিনেত্ৰীগৰাকীৰ ৷

দিব্যা ভাৰতী আজি আমাৰ মাজত নাই ৷ কিন্তু এতিয়া অনুৰাগীৰ হৃদয়ত আছে অভিনেত্ৰীগৰাকী ৷ ইফালে দিব্যা আৰু ছাজিদৰ প্ৰেম কাহিনী সেই সময়ত সকলোৰে মুখে মুখে আছিল । কিয়নো দুয়োগৰাকীয়ে প্ৰেমত সকলো সীমা অতিক্ৰম কৰিছিল । দিব্যাই নিজৰ প্ৰেমৰ বাবে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আনহাতে ছাজিদে এতিয়াও নিজৰ দিব্যাক স্মৰণ কৰে । আজি দুয়োৰে বিবাহ বাৰ্ষিকী (Sajid Nadiadwala and Divya Bharti)। গতিকে দুয়োৰে বিবাহবাৰ্ষিকী উপলক্ষে জানো আহক তেওঁলোকৰ প্ৰেম কাহিনী কেনেকৈ আৰম্ভ হৈছিল সেই বিষয়ে কিছু (Sajid Nadiadwala and Divya Bharti Wedding) ৷

প্ৰথম সাক্ষাৎ কেনেকৈ হৈছিল ছাজিদ আৰু দিব্য়াৰ ?

১৯৯২ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১০ মে’ত বিবাহপাশত আৱদ্ধ হয় ছাজিদ নাদিয়াদৱালা আৰু দিব্যা ভাৰতী । অতি কম বয়সতে অভিনয় জীৱন আৰম্ভ কৰা দিব্যাই প্ৰথমে ছাজিদক লগ পাইছিল ‘শোলা অৰ শ্ববনম’ ছবিৰ চেটত । প্ৰথম দেখাত শ্ববনমৰ ৰূপত দিব্যাই ছাজিদৰ হৃদয়ত প্ৰেমৰ শিখা জ্বলাই দিয়ে । ইয়াৰ পিচত দুয়োৰে মাজত হোৱা ধাৰাবাহিক সাক্ষাৎকাৰ ক্ৰমাৎ বৃদ্ধি পায় (Sajid and Divya wedding Anniversary) ।

প্ৰেমৰ বাবে ধৰ্মও পৰিৱৰ্তন কৰিছিল অভিনেত্ৰীগৰাকীয়ে

লাহে লাহে ছাজিদ-দিব্যাৰ প্ৰেম ইমানেই বাঢ়ি যায় যে মাত্ৰ ১৮ বছৰ বয়সতে দিব্যাই ছাজিদক বিয়া কৰাইছিল । দিব্যা প্ৰেমৰ প্ৰতি ইমানেই মোহিত হৈছিল যে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰি ধৰ্মান্তৰিত হৈছিল ছাজিদৰ বাবে । কোৱা হয় যে, ইছলাম গ্ৰহণ কৰাৰ পিচত দিব্যাই নিজৰ নাম সলনি কৰি ছানা কৰি লৈছিল ।

কিন্তু বিবাহৰ মাত্ৰ ১১ মাহত পিচতেই সংঘটিত হ’ল সেই অনাকাংক্ষিতঘটনা

ছাজিদ আৰু দিব্যাৰ প্ৰেম কাহিনী যেতিয়া প্ৰকাশ পালে তেতিয়া সকলোতে আলোড়নৰ সৃষ্টি হয় । কিন্তু ১১ মাহৰ পাচতেই এক দুৰ্ঘটনাত দিব্যা-ছাজিদৰ যুটি ভাঙি যায় । ১৯৯৩ চনৰ ৫ এপ্ৰিলত অট্টালিকাৰ পঞ্চম মহলাৰ পৰা পৰি মৃত্যু হয় দিব্যাৰ । দিব্যাৰ মৃত্যু দুৰ্ঘটনা আছিল নে বা ষড়যন্ত্ৰ আছিল, সেই কথা আজিলৈকে পোহৰলৈ অহা নাই ৷

আজিও দিব্যাৰ কথা মনত আছে ছাজিদৰ

দিব্যা ভাৰতীৰ মৃত্যুৰ প্ৰায় ৩০ বছৰ পাৰ হৈ গ’ল যদিও ছাজিদৰ অন্তৰত তেওঁৰ স্মৃতি এতিয়াও জীয়াই আছে । সম্প্ৰতি ছাজিদে বর্দা খানক বিয়া কৰাই সুখী জীৱন কটাই আছে, কিন্তু দিৱ্যা ভাৰতী এতিয়াও তেওঁৰ মনত আছে । ছাজিদে আজিও দিব্যাৰ ছবিখন নিজৰ মানিবেগত ৰাখে ।

লগতে পঢ়ক:SSR birth anniversary: আজি বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ জন্মদিন

ABOUT THE AUTHOR

...view details