অসম

assam

ETV Bharat / entertainment

Saira Banu Video: বিবাহ বাৰ্ষিকীত দিলীপ কুমাৰক মনত পেলাই আবেগিক ছাইৰা বানু

আজি ১১ অক্টোবৰত আমাৰ বিবাহ বাৰ্ষিকী । এনে পৰিস্থিতিত সেই অনুৰাগী আৰু বন্ধু-বান্ধৱীসকলক ধন্যবাদ জনাই এইখিনি লিখিব লৈছো ।

Saira Banu shares wedding video with late Dilip Kumar on 57th anniversary
দিলীপ কুমাৰ আৰু ছাইৰা বানুৰ বিবাহ বাৰ্ষিকী

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 5:22 PM IST

চিটাৰা ডেস্ক, 11 অক্টোবৰ: ট্ৰেজেডী কিং দিলীপ কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বলীউডৰ প্ৰবীণ অভিনেত্ৰী ছাইৰা বানু । আজি দুয়োৰে বিবাহৰ ৫৭ বছৰ হ’ল । অৱশ্যে দিলীপ কুমাৰ এতিয়া আমাৰ মাজত নাই । যদিও অভিনেত্ৰীগৰাকীয়ে প্ৰতিদিনে অনুৰাগীৰ সৈতে নিজৰ সোণালী স্মৃতিবোৰৰ আভাস শ্বেয়াৰ কৰি থাকে ৷ ইফালে বিবাহ বাৰ্ষিকীত ছ’চিয়েল মিডিয়াত নিজৰ প্ৰেম কাহিনীৰ কিছু আভাস শ্বেয়াৰ কৰাৰ লগতে অভিনেত্ৰীগৰাকীয়ে এটা বিশেষ টোকাও লিখিছে ।

দিলীপ কুমাৰৰ সৈতে নিজৰ বিবাহৰ ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে ছাইৰা বানুৱে । এই বিশেষ ভিডিঅ’টো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে - ‘আজি ১১ অক্টোবৰত আমাৰ বিবাহ বাৰ্ষিকী । এনে পৰিস্থিতিত সেই অনুৰাগী আৰু বন্ধু-বান্ধৱীসকলক ধন্যবাদ জনাই এইখিনি লিখিব লৈছো । যিয়ে দিলীপ চাহাব আৰু মোৰ এই যাদুকৰী দিনটোৰ বাবে স্মৃতি প্ৰেৰণ কৰিছিল । মানুহে মোক প্ৰায়ে সোধে...দিলীপ কুমাৰ চাহাব 'শ্বেহেনশ্বাহ'ৰ লগত বিয়া হোৱাটো কেনেকুৱা আছিল আৰু মই সদায় কৈছিলো, "কষ্ট নকৰাকৈ সিংহাসন পোৱা" যেন লাগিছিল ।

আমাৰ কাহিনীটো সঁচাকৈয়ে আছিল চিণ্ডেৰেলাৰ কাহিনী - ছাইৰা বানু

ছাইৰা বানুৱে লগতে লিখিছে – “এয়া সঁচাকৈয়ে চিণ্ডেৰেলাৰ কাহিনী । সদায় এনেকুৱা নহয়, এগৰাকী ছোৱালী ইমান ভাগ্যৱান যে তাইৰ সপোনৰ মানুহজনৰ লগত বিবাহপাশত আৱদ্ধ হ’ব পাৰিছে । বুজাবলৈ যথেষ্ট কঠিন । কাৰণ তেওঁৰ লগত মোৰ জীৱনৰ কথা ক’বলৈ মাত্ৰ এটাই নহয় বহু পৃষ্ঠা বা এখন কিতাপৰ প্ৰয়োজন হ’ব । সেইখন এনেকুৱা এখন কিতাপ যে আপুনি কেতিয়াও পঢ়ি শেষ কৰিব নোৱাৰিব । চলচ্চিত্ৰৰ উপৰিও উৰ্দু আৰু পাৰ্চী কবিতা, নৃতত্ত্ব, আন্তঃৰাষ্ট্ৰীয় বিষয়, উদ্ভিদ বিজ্ঞান, ক্ৰীড়া আদি বিষয়ৰ প্ৰতিও তেওঁৰ আগ্ৰহ আছিল ।

ছাইৰা বানুৱে শেষত লিখিছে – “চাহাব কেৱল মোৰ বাবেই নহয়, জীৱনত আগবাঢ়ি যোৱা সকলো প্ৰজন্মৰ বাবেও পথ প্ৰদৰ্শক হৈ আহিছে তেওঁ । দিলীপ চাহাব চিৰদিনৰ বাবে । আল্লাহে তেওঁক সদায় নিজৰ প্ৰেমত ৰাখক ৷ আমীন.."

লগতে পঢ়ক:Rajamouli Birthday: ৰাম চৰণ-জুনিয়ৰ এন টি আৰে ৰাজামৌলীৰ জন্মদিনত এনেদৰে জনালে শুভেচ্ছা

For All Latest Updates

ABOUT THE AUTHOR

...view details