চিটাৰা ডেস্ক, 15 ছেপ্টেম্বৰ:অসমৰ ৰূপালী বৰুৱাৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈ চৰ্চালৈ আহিছিল বলীউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী ৷ ৫৭ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় আশীষ বিদ্যাৰ্থী । চলিত বৰ্ষৰ মে’ মাহত দুয়োৰে বিয়া হৈছিল । বিয়াত কেৱল বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকহে উপস্থিত আছিল । ইয়াৰ পিচতে দুয়োৰে বিবাহৰ ফটো ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত ৷
ছ’চিয়েল মিডিয়াত বিবাহৰ ফটো ভাইৰেল হোৱাৰ লগে লগে এই দম্পতীক সমালোচনা কৰিবলৈ আৰম্ভ কৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ৷ আনকি বিবাহৰ ইমান মাহ পাচতো যেতিয়াই আশীষ বিদ্যাৰ্থীয়ে ফটো শ্বেয়াৰ কৰে তেতিয়াই নেটিজেনে তেওঁক মস্কৰা কৰে । এতিয়া আশীষ আৰু ৰূপালীয়ে এই সমালোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
বিবাহৰ কেইবামাহৰ পাচত ছ’চিয়েল মিডিয়াত ট্ৰলিং আৰু নেতিবাচক মন্তব্যৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আশীষ আৰু ৰূপালীয়ে । শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত দুয়োগৰাকীয়ে ট্ৰলিঙৰ কথা মুকলিকৈ কয় । ৰূপালীক সোধা হৈছিল যে, নেতিবাচক মন্তব্য পঢ়িলে কেনে লাগে । এই প্ৰশ্নৰ উত্তৰত ৰূপালীয়ে কয়, ‘‘মই সেই মানুহবোৰক চিনি নাপাওঁ বাবেই গুৰুত্ব নিদিওঁ । তেওঁলোকে এনেকুৱা কিবা দেখিছে যিবোৰ স্বাভাৱিক মানুহৰ বাবে অস্বাভাৱিক, কাৰণ তেওঁলোকে সেই বিষয়ে নাজানে ।’’