চিটাৰা ডেস্ক, 6 ছেপ্টেম্বৰ: কানাড়া অভিনেত্ৰী তথা কংগ্ৰেছ নেত্ৰী দিব্যা স্পন্দনা ওৰফে ৰাম্যাৰ হাৰ্ট এটেকত মৃত্যু হোৱা বুলি শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা খবৰ প্ৰকাশ পাইছিল ৷ এই খবৰটো প্ৰকাশ পোৱাৰ লগে লগে অতি কম সময়ৰ ভিতৰতে ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰে ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। কিন্তু অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰটো আছিল ভুৱা । দৰাচলতে এগৰাকী সাংবাদিকে দিব্যা স্পন্দনা জীয়াই আছে বুলি দাবী কৰি তেওঁ অতি সুস্থ বুলিও কৈছে । সাংবাদিকগৰাকীয়ে অভিনেত্ৰী তথা ৰাজনীতিবিদ দিব্য স্পন্দনা ওৰফে ৰাম্যৰ সৈতে হোৱা শেহতীয়া সাক্ষাৎকাৰৰ এখন ছবিও শ্বেয়াৰ কৰিছে ।
দিব্য স্পন্দনাৰ মৃত্যুৰ খবৰ আছিল ভুৱা
উল্লেখ্য যে দিব্য স্পন্দনাৰ মৃত্যুৰ খবৰ পোৱাৰ পিচতে সাংবাদিকগৰাকীয়ে টুইট কৰি অভিনেত্ৰীগৰাকী জীয়াই আছে আৰু একেবাৰে সুস্থ বুলিও দাবী কৰিছে । সাংবাদিকগৰাকীয়ে নিজৰ টুইটত লিখিছে, ‘মই এইমাত্ৰ দিব্য স্পন্দনাৰ সৈতে কথা পাতিছো । তেওঁ ঠিকেই আছে। কাইলৈ তেওঁ বেংগালুৰুলৈ উভতি যাব ।”
দিব্যা স্পন্দনাৰ মৃত্যুৰ খবৰটো ভুৱা বুলি টুইট কৰাৰ পূৰ্বে সাংবাদিকগৰাকীয়ে অভিনেত্ৰী তথা কংগ্ৰেছ নেত্ৰীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ এখন ছবিও পোষ্ট কৰিছিল । এই ছবিখনৰ সৈতে তেওঁ কেপচনত লিখিছে, “এগৰাকী অতি প্ৰতিভাৱান আৰু কোমল হৃদয়ৰ ভদ্ৰমহিলাক লগ পোৱাটো আচৰিত আছিল । দিব্য স্পন্দনা । জেনেভাত নিশাৰ আহাৰ গ্ৰহণৰ বাবে ৷ আমি বেংগালুৰুৰ প্ৰতি থকা প্ৰেমকে ধৰি বহু কথা পাতিলোঁ ।’’