চিটাৰা ডেস্ক, 2 মাৰ্চ: চলচ্চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলিৰ তেলেগু ব্লকবাষ্টাৰ ছবি "আৰ আৰ আৰ" হাউচফুল শ্ব'ৰে বিশ্বৰ বক্স অফিচত অব্যাহত ৰাখিছে আধিপত্য (Blockbuster film RRR) । ছবিখন মুক্তিৰ ৩৪২ সংখ্যক দিনত আমেৰিকাৰ লছ এঞ্জেলছত ১৬৪৭ চিটৰ টিকট সম্পূৰ্ণ বিক্ৰী হৈ গ’ল ৷ ইয়াকে লৈ উৎফুল্লিত ছবিখনৰ নিৰ্মাতাৰ লগতে ছবিখনৰ লগত জড়িত সকলো লোক ৷ ইনষ্টাগ্ৰামত আৰ আৰ আৰৰ অফিচিয়েল হেণ্ডেলত এই সন্দৰ্ভত এখন ফটো শ্বেয়াৰ কৰা হৈছে (342nd day of RRR movie release) ৷
RRR চাবলৈ দৰ্শকে দীঘলীয়া শাৰী পতাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত ৷ চিনেমাখনৰ আপডেট শ্বেয়াৰ কৰা চিনেমাখনৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলে এটা ভিডিঅ’ পোষ্ট কৰিছিল, য’ত লিখা আছিল: A 1647- #RRRMovie মুক্তিৰ ৩৪২ সংখ্যক দিনত আমেৰিকাৰ লছ এঞ্জেলছত ১৬৪৭ চিটৰ টিকট বিক্ৰী হৈ গৈছে । দৰ্শকে ছবিখন চাবলৈ ছবিগৃহত প্ৰৱেশ কৰিবলৈ দীঘলীয়া শাৰী পাতি থকা দৃশ্যই মন চুই যায় । @BeyondFest @am_cinematheque @VarianceFilms @sarigamacinemas ।"
ইয়াৰ পূৰ্বে আৰ আৰ আৰৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলে ঘোষণা কৰিছিল যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছবিখনে লাভ কৰা মৰমৰ পিচত ৰাজামৌলিৰ আৰ আৰ আৰ আমেৰিকাৰ চিনেমাগৃহত পুনৰ মুক্তি পাব (1647 seater venue sold out in Los Angeles)। ৯৫ সংখ্যক একাডেমী বঁটাৰ পূৰ্বে সমগ্ৰ আমেৰিকাৰ ছবিগৃহত মুক্তি পাব আৰ আৰ আৰ (Venue sold out in Los Angeles) ।