অসম

assam

ETV Bharat / entertainment

RRR actor Ram Charan: নিজৰ প্ৰিয় হলীউডৰ পৰিচালকক লগ পাই আনন্দিত ছুপাৰষ্টাৰ ৰাম চৰণ - ভাৰতীয় ছুপাৰষ্টাৰ ৰাম চৰণ

আৰ আৰ আৰ ছবি প্ৰচাৰৰ বাবে আমেৰিকাত থকা অভিনেতা ৰাম চৰণে শুকুৰবাৰে নিজৰ প্ৰিয় পৰিচালক জে জে আব্ৰামছক লগ পায় (RRR actor Ram Charan) । অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত জে জে আব্ৰামছৰ সৈতে শ্বেয়াৰ কৰিছে ফটো ৷

RRR actor Ram Charan has his fan moment as he meets favourite director JJ Abrams of Star Wars fame
অভিনেতা ৰাম চৰণে শুকুৰবাৰে নিজৰ প্ৰিয় পৰিচালক জে জে আব্ৰামছক লগ পায়

By

Published : Mar 10, 2023, 10:10 PM IST

চিটাৰা ডেস্ক, 10 মাৰ্চ: ভাৰতীয় ছুপাৰষ্টাৰ ৰাম চৰণৰ অনুৰাগী কেৱল ভাৰতবৰ্ষতেই নহয়, গোটেই বিশ্বজুৰি আছে ৷ গতিকে ছুপাৰষ্টাৰগৰাকীক লগ ধৰিবলৈ বহু সময়ত তেওঁৰ অনুৰাগীসকলে অপেক্ষা ৷ কিন্তু ছুপাৰষ্টাৰগৰাকীৰ যেনেদৰে অনুৰাগী আছে, ঠিক তেনেকৈ ৰাম চৰণো এজন বিখ্যাত পৰিচালৰ অনুৰাগী (Fan director JJ Abrams of Star Wars fame) ৷ ষ্টাৰ ৱাৰ্ছৰ খ্যাতিৰ সৰ্বকালৰ অন্যতম প্ৰিয় পৰিচালক জে জে আব্ৰামছৰ অনুৰাগী ৰাম চৰণ (RRR actor Ram Charan) ৷

শেহতীয়াকৈ ছুপাৰষ্টাগৰাকীয় লগ পাবলৈ সক্ষম হয় নিজৰ প্ৰিয় পৰিচালকগৰাকীক ৷ সম্প্ৰতি আৰ আৰ আৰ ছবিখনৰ প্ৰমোচনৰ বাবে আমেৰিকাত আছে অভিনেতাগৰাকী ৷ ছবি প্ৰমোচনৰ লগতে অস্কাৰ বঁটাৰ বাবেও আমেৰিকাত থিতাপি লৈছে ছুপাৰষ্টাগৰাকী ৷ আমেৰিকাতেই নিজৰ সপোনৰ পৰিচালকগৰাকীক লগ ধৰে ছুপাৰষ্টাগৰাকীয়ে ৷ আজি নিজৰ ইনষ্টাগ্ৰাম একাউন্টত পৰিচালক জে জে আব্ৰামছৰ সৈতে নিজৰ এখন ফটো শ্বেয়াৰ কৰে ৷

ফটোখন শ্বেয়াৰ কৰি ৰামে লিখিছে,"আজি জে জে আব্ৰামছক লগ পোৱাৰ সৌভাগ্য লাভ কৰিলোঁ । ধন্যবাদ ছাৰ আজি সন্ধিয়া মোক নিমন্ত্ৰণ জনোৱাৰ বাবে । মই আপোনাৰ কামৰ ডাঙৰ অনুৰাগী ৷" ইনষ্টাগ্ৰামত এই পোষ্টৰ সৈতে jjabramsofficial ক টেগ কৰে অভিনেতাগৰাকীয়ে (RRR actor Ram Charan) ।

ফটোখনত ৰাম চৰণে নীলা ৰঙৰ ব্লেজাৰ আৰু পেণ্ট পিন্ধি থকা পৰিলক্ষিত হৈছে ৷ ব্লেজাৰৰ তলত অভিনেতাজনে ক’লা ৰঙৰ হাই নেক পিন্ধিছে । আনহাতে, হলিউডৰ পৰিচালকগৰাকীয়ে বগা চাৰ্ট আৰু চেকযুক্ত টাইৰ সৈতে ধূসৰ ৰঙৰ চুট পৰিধান কৰিছিল । শ্বেয়াৰ কৰা ছবিখনৰ পৰা স্পষ্টকৈ বুজিব পাৰি যে, দুয়োজনে ইজনে সিজনক লগ পাই আনন্দিত হৈছিল (Naatu Naatu) ।

আৰ আৰ আৰৰ ফেম অভিনেতা ৰাম চৰণে শ্বেয়াৰ কৰা পোষ্টটোত দুয়োজনে আনন্দিত অভিব্যক্তিৰে ইজনে সিজনক আঙুলিয়াই দিছে । টলিউডৰ তাৰকাগৰাকীয়ে ফটোখন আপলোড কৰাৰ লগে লগে অনুৰাগীসকলে কমেন্ট কৰে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "গ্ল’ বেল ষ্টাৰ ৰাম চৰণ গাৰু ।" আন এগৰাকীয়ে অনুৰাগীয়ে লিখিছে: "গ্ল'বেল ষ্টাৰ ৰামচৰণ । এসময়ত তেওঁৰ পিতৃয়ে চলচ্চিত্ৰ উদ্যোগত শাসন কৰিছিল । এতিয়া তেওঁৰ পুত্ৰই শাসন কৰি আছে । তেওঁ পিতৃৰ সমান । লাভ ইউ ৰাম চৰণ ।"

পেছাদাৰী দিশত অভিনেতাগৰাকী আমেৰিকাত অস্কাৰৰ বাবে মনোনীত ‘আৰ আৰ আৰ’ ছবিখন প্ৰচাৰত ব্যস্ত হৈ আছে (Ram Charan in US)। পশ্চিমীয়া দেশৰ টক শ্ব’ত অংশগ্ৰহণ কৰি হলিউডত কাম কৰাৰ ইচ্ছাও প্ৰকাশ কৰিছে ৰাম চৰণে । তেওঁৰ সপোনৰ পৰিচালকৰ সৈতে সাক্ষাৎ কৰি ৰাম চৰণে হলিউডৰ প্ৰজেক্ট কৰা বুলি জল্পনা-কল্পনাৰ বাট মুকলি কৰিছে ।

লগতে পঢ়ক:Oscars 2023: অস্কাৰ ক’ত অনুষ্ঠিত হ’ব ? ক’ত চাব পাৰিব অস্কাৰৰ লাইভ অনুষ্ঠান ? জানিব লওক সকলো

ABOUT THE AUTHOR

...view details