চিটাৰা ডেস্ক, 12 জুলাই: আজি মুক্তি পালে ৰণবীৰ সিং আৰু আলিয়া ভাট অভিনীত ছবি ৰকি অউৰ ৰাণী কি প্ৰেম কাহানীৰ দ্বিতীয়টো গীত 'হোৱাট ঝুমকা'। এইটো এটা সম্পূৰ্ণ পাৰ্টি ডান্স নাম্বাৰ, শুনিলে আপুনি নাচিবলৈ বাধ্য হ'ব । এই গীতটি ঝুমকা গিৰা ৰে বৰেলী কে বাজাৰ মে নামৰ পুৰণি গীতটিৰ পুন সংকলন, যিটো নিজৰ মাজতে এটা ছুপাৰহিট গীত । ৰকি অউৰ ৰাণী কি প্ৰেম কাহানীৰ এই নতুন সংস্কৰণত ৰণবীৰ আলিয়াৰ বিশেষ কেমেষ্ট্ৰীক দেখা গৈছে।
হোৱাট ঝুমকা গীতটোত ৰণবীৰ সিঙৰ নৃত্যই আলিয়াক চেৰ পেলাবলৈ সক্ষম হৈছে । আকৰ্ষণীয় ডান্স ষ্টেপেৰে ৰণবীৰে অনুৰাগীৰ হৃদস্পন্দন বৃদ্ধি কৰিছে । আনহাতে, ৰঙীন শাৰী পিন্ধা আলিয়া ভাটে তেওঁৰ সৌন্দৰ্য আৰু নৃত্যৰ বাবে অনুৰাগীক বলিয়া কৰিছে । দুয়োৰে এটি যুটিকো গীতটিত খুবেই ধুনীয়া দেখা গৈছে ।
‘হোৱাট ঝুমকা’ৰ কথাই ৰণবীৰ কাপুৰ তথা শ্ৰদ্ধা কাপুৰ অভিনীত ছবি ‘তু ঝুঠি মে মক্কাৰ’ৰ ‘ঠুমকা’ গীতটোৰ কথা মনত পেলাই দিব । গীতটোত ৰণবীৰ সিঙৰ ঠুমকাই ৰণবীৰ কাপুৰকো সম্পূৰ্ণ প্ৰত্যাহ্বান দিছে । একে সময়তে আলিয়াৰ ষ্টাইলো শ্ৰদ্ধাতকৈ কম দেখা পোৱা নাই ।