অসম

assam

ETV Bharat / entertainment

Tina Turner Passes Away: ‘ৰক এন ৰোল’ ৰাণী টিনা টাৰ্নাৰৰ দেহাৱসান, ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

ৰক এন ৰোল কণ্ঠশিল্পী টিনা টাৰ্নাৰৰ দেহাৱসান ৷ ৮৩ বছৰ বয়সত ছুইজাৰলেণ্ডৰ জুৰিখৰ ওচৰৰ কুছনাচ্টত থকা নিজা বাসগৃহত মৃত্যু হয় সংগীতজ্ঞগৰাকীৰ ।

By

Published : May 25, 2023, 10:44 AM IST

ROCK N ROLE FAME SINGER TINA TURNER PASSES AWAY AT AGE OF 83
ৰক এন ৰোলৰ টিনা টাৰ্নাৰৰ মৃত্যু

চিটাৰা ডেস্ক, 25 মে’:নিজৰ মন্ত্ৰমুগ্ধ কণ্ঠৰে গোটেই বিশ্বৰ দৰ্শকক আপ্লুত কৰা কিংবদন্তি সংগীতজ্ঞ টিনা টাৰ্নাৰ আৰু নাই (Tina Turner Death) ৷ মৃত্যুৰ সময়ত কিংবদন্তি সংগীতজ্ঞগৰাকীৰ বয়স আছিল ৮৩ বছৰ । সংবাদ মাধ্যমৰ বাতৰিয়ে টাৰ্নাৰৰ মৃত্যু নিশ্চিত কৰিছে ৷ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ‘কুইন অৱ ৰক এন ৰোল’ টিনা টাৰ্নাৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল (Rock N role Singer) ৷ অৱশেষত ৮৩ বছৰ বয়সত ছুইজাৰলেণ্ডৰ জুৰিখৰ ওচৰৰ কুছনাচ্টত থকা নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে ৷

উল্লেখ্য যে, ৬০ ৰ দশকত টিনা টাৰ্নাৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ইয়াৰ পৰাই ‘ৰক এন ৰোল’ৰ আৰম্ভণি বুলি ধৰা হয় (Tina Turner Passes Away)। টাৰ্নাৰৰ এটা অতি জনপ্ৰিয় গীত আছে ৷ সেই গীতটি হৈছে, what's love got to do with it ৷ এই গীতটোত তেওঁ প্ৰেমক চেকেণ্ড হেণ্ড ইমোচন বুলি অভিহিত কৰিছিল । উল্লেখনীয় যে, ১৯৩৯ চনৰ ২৬ নৱেম্বৰত আমেৰিকাত জন্ম হৈছিল টিনাৰ ।

লগতে পঢ়ক:Ray Stevenson: আৰ আৰ আৰত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰা ৰে ষ্টিভেনছনৰ দেহাৱসান, শোক প্ৰকাশ এছ এছ ৰাজামৌলিৰ

বহুদিন ধৰি অসুস্থ হৈ আছিল টিনা টাৰ্নাৰ

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল টিনা টাৰ্নাৰ । টিনাই কলন কেন্সাৰ, ষ্ট্ৰোকৰ দৰে গুৰুতৰ ৰোগৰ সন্মুখীন হোৱা বুলি কোৱা হৈছে । একে সময়তে তেওঁৰ মৃত্যু এক অপূৰণীয় ক্ষতি হৈ ৰ’ব সংগীত জগতত । সংগীতজ্ঞ টিনা টাৰ্নাৰৰ মৃত্যুৰ খবৰত শোকৰ ছাঁ বিৰাজ কৰিছে হলিউডত জগতত । তেওঁৰ মৃত্যু নিশ্চিত কৰিছে পিটাৰ লিণ্ডবাৰ্গে (Tina Turner Death news) । তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত টিনাৰ এখন ছবিৰ এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে ।

লগতে পঢ়ক:Cardiac Arrest: কাৰ্ডিয়াক এৰেষ্টে প্ৰাণ কাঢ়িলে অভিনেতা নিতেশ পাণ্ডেৰ, জানি লওক ইয়াৰ কাৰণ-লক্ষণ তথা নিদান

ABOUT THE AUTHOR

...view details