চিটাৰা ডেস্ক, 7 ফেব্ৰুৱাৰী : বিগত বৰ্ষৰ 30 ছেপ্টেম্বৰত কানাড়া চলচ্চিত্ৰৰ তাৰকা ঋষভ শেট্টী অভিনীত ছবি 'কান্তাৰা' ছবিখনে মুক্তি লাভ কৰিছিল । যেতিয়া ছবিখন মুক্তি দিয়া হৈছিল, কোনেও ইয়াৰ বিষয়ে জনা নাছিল । কান্তৰাৰ লগতে দক্ষিণৰ পন্নিয়িন চেলভান-1 আৰু বলীউডৰ বিক্ৰম বেধাও মুক্তি দিয়া হৈছিল । সেই সময়ত এই দুয়োখন ছবিক লৈ বহুত চৰ্চা হৈছিল, কিন্তু কান্তৰা ছবিখনৰ বিষয় সন্দৰ্ভত কোনো জ্ঞাত নাছিল । কিন্তু ‘কান্তৰা’ই মুক্তিৰ পিছত এক অলৌকিক কাম কৰিলে ৷ মুক্তিৰ পিছত মুখ বাগৰিয়েই কান্তাৰাৰ প্ৰচাৰ চলিল ৷ প্ৰতিজন চিনেমা প্ৰেমীৰ মুখত প্ৰতিধ্বনিত হ’বলৈ ধৰিলে কান্তাৰাৰ নাম । কান্তৰাৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়ি গৈ থাকিল আৰু দৰ্শকৰ সংখ্যাও বাঢ়ি গ’ল । 16 কোটি টকাৰ বাজেটত নিৰ্মিত ছবিখনে বিশ্বজুৰি 400 কোটি টকাৰ সীমা অতিক্ৰম কৰিছে । কিন্তু এই কান্তাৰা চোৱা দৰ্শকে জানি আচৰিত হ’ব যে আপোনালোকে প্ৰকৃততে ছবিখনৰ দ্বিতীয় ভাগহে চালে !
দৰ্শকক ঠগিলে নেকি ছবিখনৰ নিৰ্মাতাই ?
ছবিখনৰ পৰিচালক তথা মুখ্য অভিনেতা ঋষভ শেট্টীৰ মতে, দৰ্শকে যি কান্তৰা চালে সেয়া আচলতে ছবিখনৰ দ্বিতীয় খণ্ডহে আছিল ৷ হয়, ঋষভে কৈছে যে ছবিখনৰ প্ৰথম খণ্ড অৰ্থাৎ কান্তৰা প্ৰিক্যুৱেলৰ বাবে এতিয়া প্ৰস্তুতি চলি আছে আৰু এই খণ্ড আগন্তুক বছৰত মুক্তি পাব (Kantara Prequel) । এতিয়া এই কথা গম পোৱাৰ পিছৰে পৰা কান্তাৰা অনুৰাগীসকল উৎসুক হৈ পৰিছে ৷ দ্বিতীয় খণ্ডটো দেখুৱাই দিয়া বুলি জানি সকলোৰে মাজত অস্থিৰতা বৃদ্ধি পাইছে, কিয়নো এতিয়া প্ৰথম খণ্ডত কি হ’ব সেয়া চাবলৈ দৰ্শক উদ্বাউল হৈ পৰিছে ।
ঋষভ শেট্টীয়ে ক’লে সকলো কথা