অসম

assam

ETV Bharat / entertainment

Rihanna Baby: পুনৰ মাতৃ হ’ল হলিউডৰ গায়িকা ৰিহানা, বিয়া নোহোৱাকৈয়ে গোপনে জন্ম দিলে দ্বিতীয় সন্তান - পপ কণ্ঠশিল্পী ৰিহানা

দ্বিতীয় বাৰৰ বাবে মাতৃ হ’ল পপ কণ্ঠশিল্পী ৰিহানা ৷ অৱশ্য়ে এই পৰ্যন্ত মাতৃ হোৱাৰ কোনো তথ্য শ্বেয়াৰ কৰা নাই ৰিহানাই ।

Rihanna secretly welcomes second baby with a$ap rocky reports
মাতৃ হ’ল গায়িকা ৰিহানা

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 7:04 PM IST

চিটাৰা ডেস্ক, 22 আগষ্ট: আকৌ এবাৰ পপ গায়িকা ৰিহানাৰ বাসগৃহলৈ আহিছে সুখবৰ ৷ দ্বিতীয় বাৰ মাতৃ হৈছে ৰিহানা ৷ ৰিহানাই এটি পুত্ৰ সন্তান জন্ম দিছে । এক প্ৰতিবেদন অনুসৰি ৩৫ বছৰীয়া কণ্ঠশিল্পী ৰিহানাই ৩ আগষ্টত এটি পুত্ৰ সন্তান জন্ম দিছিল, যিটো এতিয়া পোহৰলৈ আহিছে ।

বিয়া নোহোৱাকৈয়ে দ্বিতীয় বাৰৰ বাবে মাতৃ হ’ল ৰিহানা

২০২২ চনৰ মে’ মাহত ৰিহানাই প্ৰথম সন্তান (পুত্ৰ) জন্ম দিয়ে । এতিয়া গায়িকাগৰাকীয়ে দ্বিতীয় সন্তান জন্ম দিয়ে ৷ বিয়া নোহোৱাকৈয়ে প্ৰেমিক A$AP Rocky ৰ সন্তানৰ মাতৃ হ’ল ৰিহানা । অৱশ্যে মাতৃ হোৱাৰ কোনো তথ্য শ্বেয়াৰ কৰা নাই ৰিহানা বা প্ৰেমিকজনে । উল্লেখ্য যে, দুয়োজনে বহু বছৰ ধৰি ডেট কৰি আছে । ডেট কৰাৰ পূৰ্বে দুয়োগৰাকী তিনি বছৰ বন্ধু আছিল ।

সন্তানৰ নাম কি ৰাখিলে ৰিহানাই

খবৰ অনুসৰি দ্বিতীয় পুত্ৰৰ নাম R এলফাবেটেৰে ৰাখিছে যদিও সম্পূৰ্ণ নাম প্ৰকাশ কৰা হোৱা নাই । এইখিনিতে উল্লেখ কৰিব লাগিব যে প্ৰথম পুত্ৰৰ নাম ৰাখিছিল RZA । ৰিহানাই ইয়াৰ নাম ৰেপাৰ আৰু প্ৰযোজক ৰবাৰ্ট ফিটজেৰাল্ড ডিগছৰ নামেৰে ৰাখিছিল ।

ৰিহানা কোন ?

বাৰ্বাডোছৰ বাসিন্দা ৰিহানা কেৰিবিয়ান এগৰাকী পপ গায়িকা । ৰিহানাৰ সম্পূৰ্ণ নাম ৰবিন ৰিহানা ফেণ্টী । ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় ৰিহানা । ২০০৫ চনত গায়িকাগৰাকীয়ে তেওঁৰ প্ৰথম এলবাম মিউজিক অৱ দ্য ছান আৰু এ গাৰ্ল লাইক মি ৰেকৰ্ডিং কৰে । ৰিহানাই ৯ টা গ্ৰেমী বঁটা, ১৩টা আমেৰিকান মিউজিক বঁটা, ১২টা বিলবোৰ্ড মিউজিক বঁটা আৰু ৬টা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছে ।

লগতে পঢ়ক:Ileana Dcruz blessed with baby boy: ইলিয়ানা ডিক্ৰুজে শ্বেয়াৰ কৰিলে নৱজাতক পুত্ৰৰ ব্যতিক্ৰমী নাম

লগতে পঢ়ক:Pankhuri-Gautam blessed with twins: যমজ সন্তানৰ পিতৃ-মাতৃ হ’ল অভিনেতা গৌতম ৰ’ড আৰু পংখুড়ী অৱস্থী

লগতে পঢ়ক:Ram Charan And Upasana: ৰাম চৰণ-উপাসনাৰ কন্যাৰ নাৰ্চাৰী চালেনে ? বিভিন্ন পুতলাৰে সজোৱা এই নাৰ্চাৰীয়ে আকৰ্ষিত কৰিছে অনুৰাগীক

ABOUT THE AUTHOR

...view details