চিটাৰা ডেস্ক, 30 ছেপ্টেম্বৰ : সম্পূৰ্ণ হ’বলৈ আগবাঢ়িছে বলীউডৰ আন এক প্ৰেম কাহিনী । ৰিছা চড্ডা আৰু আলী ফৈজলে তেওঁলোকৰ সম্পৰ্কক নতুন নাম দিবলৈ ওলাইছে । দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ পিছত ৰিছা আৰু আলী চিৰদিনৰ বাবে এক হৈ পৰিব 4 অক্টোবৰত (Richa Chadha Ali Fazal wedding) । কালি ৰিছাৰ হাতত লাগিছিল আলীৰ নামৰ মেহেন্দী । আজি দুয়োৱে শ্বেয়াৰ কৰিছে সংগীত অনুষ্ঠানৰ এখন ফটো । এই ফটোখনত ৰিছা আৰু আলীক বহুত গ্লেমাৰাছ দেখা গৈছে । বিয়াৰ হোৱাৰ সুখ দম্পতীহালৰ মুখত স্পষ্ট হৈ পৰিছে ।
ৰিছা চড্ডা আৰু আলী ফৈজলৰ বিয়াৰ অনুষ্ঠান আৰম্ভ হৈ গৈছে । দুয়োৱে ছ’চিয়েল মিডিয়াত সংগীত অনুষ্ঠানৰ ফটো নিজৰ অনুৰাগীসকলৰ বাবে শ্বেয়াৰ কৰিছে । ফটোখনত ৰোমান্টিক ভংগীমাত দেখা গৈছে দম্পতীহালক । এই ফটোখন শ্বেয়াৰ কৰি ৰিছাই কেপছনত লিখিছে - #RiAli Mohabbat Mubarak ❣️🫶🏽❣ ৷ ফটোখনত আলীয়ে হাতীদাঁত ৰঙৰ পাইজামা পিন্ধি থকাৰ বিপৰীতে ৰিছাই পিন্ধিছে পাতল গোলাপী ৰঙৰ লেহেংগা ।
অনুৰাগীসকলে ৰিছা-আলীক অভিনন্দন জনাইছে । কমেণ্ট বক্সত অনুৰাগীৰ শুভেচ্ছাবাণীৰে ভৰি পৰিছে । শেহতীয়াকৈ বিবাহৰ বাবে ৰাজধানী দিল্লীত উপস্থিত হৈছিল দম্পতীহাল । ৰিছাই হাতত মেহেন্দীৰ ফটোও অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল । পাৰ্লাৰৰ পৰা এই ফটো শ্বেয়াৰ কৰিছিল তেওঁ । ইয়াৰ পূৰ্বে দম্পতীহালে দিল্লীত উপস্থিত হোৱাৰ পিছত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল । দুবছৰীয়া মহামাৰীয়ে তেওঁলোকৰ বিয়াত কেনে প্ৰভাৱ পেলাইছিল সেই বিষয়ে মুকলিকৈ কয় দুয়োৱে ।