অসম

assam

ETV Bharat / entertainment

PV Gangadharan Death: মালয়ালম চলচ্চিত্ৰ প্ৰযোজক পিভি গংগাধৰণৰ দেহাৱসান

মালয়ালম চলচ্চিত্ৰ জগতৰ অতি জনপ্ৰিয় প্ৰযোজক পিভি গংগাধৰণ আৰু নাই ।

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 2:12 PM IST

Renowned film producer PV Gangadharan passes away
পিভি গংগাধৰণ আৰু নাই

চিটাৰা ডেস্ক, 13 অক্টোবৰ:শুকুৰবাৰে মৃত্যুক আঁকোৱালি ল’লে জনপ্ৰিয় মালয়ালম চলচ্চিত্ৰ প্ৰযোজক পিভি গংগাধৰণে । কোজিকোডেৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে প্ৰযোজকগৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ । খবৰ অনুসৰি বাৰ্ধক্যজনিত ৰোগৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু অৱশেষত মৃত্যুৰে যুঁজি হাৰ মানিলে আৰু চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা বিদায় লয় ।

গংগাধৰণৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে বাণিজ্য বিশ্লেষক শ্ৰীধৰ পিল্লাই

ট্ৰেড এনালাইষ্ট শ্ৰীধৰ পিল্লাই তেওঁৰ এক্স হেণ্ডেলত ছবি প্ৰযোজকগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে । তেওঁ লিখিছে, “পিভি গংগাধৰণ (৮০) প্ৰবীণ মালয়ালম চলচ্চিত্ৰ প্ৰযোজক, কেটিচি গ্ৰুপৰ অন্যতম প্ৰতিষ্ঠাপক তথা মথৰুভূমিৰ ব’ৰ্ড মেম্বাৰ কোজিকোডেত শেষ নিশ্বাস ত্যাগ কৰিছে । পিভিজিয়ে গৃহলক্ষ্মী প্ৰডাকচনৰ অধীনত চলচ্চিত্ৰ নিৰ্মাণ কৰিছে আৰু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে । তেওঁৰ কন্যা সন্তানে এতিয়া @Scube_films বেনাৰত প্ৰযোজনা কৰি আছে । "

গংগাধৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে চলচ্চিত্ৰ প্ৰযোজক কে টি কুঞ্জুমনে

চলচ্চিত্ৰ প্ৰযোজক কে টি কুঞ্জুমনেও নিজৰ এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, “মোৰ প্ৰিয় বন্ধু প্ৰবীণ প্ৰযোজক মিষ্টাৰ পি.ভি.গংগাধৰণৰ কৰুণ মৃত্যুৰ কথা শুনি গভীৰভাৱে স্তম্ভিত হৈ পৰিছো । আপুনি শান্তি লাভ কৰক ।”

পি ভি গংগাধৰণে নিৰ্মাণ কৰা ছবি

পি ভি গংগাধৰণে নিজৰ কেৰিয়াৰত বহু ছবি নিৰ্মাণ কৰিছে । ইয়াৰ ভিতৰত আছে অংগাদি (১৯৮০), অৰু বদক্কান বীৰগাথা (১৯৮৯), কট্টাথে কিলিক্কুডু (১৯৮৩), বৰ্থ (১৯৮৬), আধৱেথাম (১৯৯২), কনক্কিনাভু (১৯৯৬), থুভাল কোট্টৰাম (১৯৯৬), এন্নু স্বানথাম জানাকিকুট্টী (১৯৯৮) কোচু কোচু সন্থোশংগল ( ২০০০), আচুভিন্টে আম্মা (২০০৫) আৰু নোটবুক (২০০৬)। তেওঁৰ শেষৰখন ছবি আছিল ‘জানকী জেন’ ৷ এই ছবিখন চলিত বৰ্ষৰ আৰম্ভণিতে মুক্তি পাইছিল ।

লগতে পঢ়ক:Bhairavi Vaidya : কৰ্কট ৰোগে প্ৰাণ কাঢ়িলে অভিনেত্ৰীৰ, ছলমান খানৰ সৈতেও কৰিছিল কাম

ABOUT THE AUTHOR

...view details