চিটাৰা ডেস্ক, 24 জুন: বলীউডৰ চিৰসেউজ অভিনেত্ৰী ৰেখা নিজৰ গ্লেমাৰাছ লুকৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও বহুবাৰ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । অভিনেত্ৰীগৰাকীৰ নাম বলীউডৰ বহু তাৰকাৰ সৈতে চৰ্চাত আহিছিল যদিও সৰ্বাধিক চৰ্চিত হৈছিল ৰেখা আৰু অমিতাভ বচ্চনৰ প্ৰেমৰ সম্পৰ্ক । কিন্তু আপুনি জানেনে যে ৰেখাই বিগ বিৰ বাহিৰে আন কাকো ভয় নকৰে । এয়া আমি কোৱা কথা নহয়, খোদ ৰেখাই এই কথা স্বীকাৰ কৰিছিল ৷ হয়, ৰেখাই নিজেই এই কথা স্বীকাৰ কৰিছিল ছলমান খানৰ শ্ব’ বিগ বছৰ মঞ্চত । ৰেখাই কৈছিল যে তেওঁ মাত্ৰ দুটা কথাত ভয় কৰে, এটা বিগ বি আৰু আনটো বিগ বছ . . .!
ৰেখাই ৰাজহুৱাভাৱে স্বীকাৰ কৰিছিল নিজৰ ভয়ৰ কথা !
আচলতে বিগ বছৰ ছিজন ৮ ৰ এটা খণ্ডত অতিথি হিচাপে আহিছিল অভিনেত্ৰী ৰেখা । য’ত তেওঁ ছলমান খানৰ সৈতে মঞ্চ শ্বেয়াৰ কৰিছিল । ইফালে ৰেখাই ছলমান খানৰ সৈতে দাবাং ছবিৰ গীতত নৃত্যও কৰে । লগতে ৰেখাই ছলমান খানৰ ছবি দাবাঙৰ জনপ্ৰিয় সংলাপ ‘থাপ্পড় চে ডৰ নাহি লগতা’ৰ ঠাইত ‘পিয়াৰ চে ভি ডৰ নাহি লগতা’ সংলাপ কোৱা দেখা যায় । লগতে অভিনেত্ৰীগৰাকীয়ে স্বীকাৰ কৰে যে তেওঁ মাত্ৰ দুটা কথাত ভয় কৰে, এটা হৈছে বিগ বি আৰু আনটো হৈছে বিগ বছ।