অসম

assam

ETV Bharat / entertainment

Red Sea Festival: উচপ খাই উঠিল Sharon Stone যেতিয়াই গম পালে কাষতে বহি আছে শ্বাহৰুখ খান - লোহিত সাগৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

শেহতীয়াকৈ লোহিত সাগৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানে আচৰিত কৰি তোলে আমেৰিকান অভিনেত্ৰী Sharon Stone ক ৷ অভিনেত্ৰী গৰাকী উচপ খাই উঠিছিল যেতিয়া তেওঁ অনুভৱ কৰিছিল যে ইমান সময়ে শ্বাহৰুখ তেওঁৰ কাষতে বহি আছিল ৷

SRK
শ্বাহৰুখ খানে আচৰিত কৰি তোলে আমেৰিকান অভিনেত্ৰী Sharon Stone ক

By

Published : Dec 3, 2022, 6:07 PM IST

চিটাৰা ডেস্ক, 3 ডিচেম্বৰ : শেহতীয়াকৈ লোহিত সাগৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানে অনুষ্ঠানটোত আমেৰিকান অভিনেত্ৰী শ্বেৰন ষ্টোনক আচৰিত কৰি তোলে ( Sharon Stone srk news) ৷ অভিনেত্ৰী গৰাকী আচৰিত হৈ পৰিল কাৰণ ঘোষিকাই শ্বাহৰুখৰ নাম উচ্চাৰণ কৰাৰ পিছতহে তেওঁ উপলব্ধি কৰিছিল যে শ্বাহৰুখ তেওঁৰ কাষতেই ইমান সময়ে বহি আছিল ।

শ্বাহৰুখ খানে আচৰিত কৰি তোলে আমেৰিকান অভিনেত্ৰী Sharon Stone ক

শেহতীয়াকৈ ‘পাঠান’ অভিনেতাগৰাকীক ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে এই উৎসৱত সন্মানিত কৰা হৈছিল ৷ নাম ঘোষণা কৰাৰ সময়ত নিজৰ স্থানত যেতিয়া শ্বাহৰুখ থিয় হৈছিল, শ্বেৰনে তেওঁক লক্ষ্য কৰি সম্পূৰ্ণ অবাক পৰিছিল । ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ত শ্বেৰনে হাত চাপৰি বজাই তেওঁক উষ্ম আদৰণি জনোৱা দেখা গৈছে আৰু মুখৰ ভিতৰতে কৈ উঠিছিল "অ' মাই গড" ।

Sharon Stone ৰ এই প্ৰতিক্ৰিয়াৰ প্ৰতি সঁহাৰি জনাই বাদশ্বাহে অভিনেত্ৰীগৰাকীক বিনম্ৰভাৱে ‘ছালাম’ ৰে সম্ভাষণ জনোৱা দেখা যায় । ক্লিপটো ভাইৰেল হোৱাৰ পৰাই এছ আৰ কেৰ অনুৰাগীসকলে প্ৰিয় অভিনেতা প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে আৰু লগতে গৰ্ব অনুভৱ কৰিছে । এজন অনুৰাগীয়ে লিখিছে, "আজিৰ অনুষ্ঠানটোৰ মোৰ প্ৰিয় অংশ, শ্বেৰন ষ্টোনৰ প্ৰতিক্ৰিয়া যেতিয়া তেওঁ বুজি পাইছিল যে শ্বাহৰুখ খান তেওঁৰ কাষতে বহি আছে... আমি তেওঁক দোষ দিব নোৱাৰো নহয়নে"?

মহোৎসৱত এছ আৰ কেক সন্মানীয় বঁটা প্ৰদান কৰা হয় । এছ আৰ কেৰ ‘দিলৱালে দুলহানিয়া লে জায়েংগে’ৰ সহ অভিনেত্ৰী কাজলেও অস্কাৰ আৰু গ্ৰেমী বিজয়ী সুৰকাৰ এ আৰ ৰহমানৰ সৈতে ছৌদি আৰৱত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে । এছ আৰ কে আৰু কাজলে তেওঁলোকৰ অনুৰাগীৰ বাবে বিশেষ অনুষ্ঠান পৰিৱেশন কৰে । দুয়োজনে একেলগে মঞ্চৰ শোভা বঢ়াই নিজৰ ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ৰ মুহূৰ্তবোৰ পুনৰ জীৱিত কৰে ।

ৱৰ্ক ফ্ৰণ্টত এছ আৰ কেক যশ ৰাজ ফিল্মছৰ থ্ৰিলাৰ ছবি ‘পাঠান’ত দেখা যাব ৷ 2023 চনৰ 25 জানুৱাৰীত চিনেমা হলত মুক্তি পাবলৈ সাজু হৈছে ছবিখন । আনফালে কাজলো সাজু হৈছে তেওঁৰ আগন্তুক ছবি 'ছালাম ভেংকি' ৰ বাবে যিখন ছবিগৃহত মুক্তি পাব 2022 ৰ 9 ডিচেম্বৰত ।

লগতে পঢ়ক :Pathaan New Poster: পাঠানৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰি শ্বাহৰুখে অনুৰাগীক কি ক’লে

ABOUT THE AUTHOR

...view details