চিটাৰা ডেস্ক, 23 জুলাই: বলীউড ছবি জগতত এটা সময় এনেকুৱাও আছিল যে অভিনেতাসকলে তাৰকা হোৱাৰ পূৰ্বে নিজৰ নাম সলনি কৰিছিল, সেয়া দিলীপ কুমাৰেই হওক অথবা মধুবালা হওক, জীতেন্দ্ৰ হওক বা ৰাজেশ খান্নাই হওক, এই সকলো তাৰকাই সলনি কৰিছিল নিজৰ প্ৰকৃত নাম ৷ অৱশ্যে নাম সলনি কৰি বলীউডত হিট বুলি প্ৰমাণিত হৈছিল এইসকল তাৰকা । ইয়াৰ পিচত অহা বহু তাৰকাই এই ধাৰা অনুসৰণ কৰি নাম সলনি কৰি হিট হৈ পৰিছিল বলীউডত । এই তালিকাত নাম অন্তৰ্ভুক্ত আছে বলীউডৰ খিলাড়ি কুমাৰ অৰ্থাৎ অক্ষয় কুমাৰৰ ।
আচলতে অক্ষয় কুমাৰৰ আচল নাম ৰাজীৱ ভাটিয়া । কিন্তু ৰাজীৱ ভাটিয়াৰ পৰা কেনেকৈ হৈছিল অক্ষয় কুমাৰ ? অভিনেতাগৰাকীৰ নাম সলনিৰ সংযোগ ৯০ দশকৰ নায়ক কুমাৰ গৌৰৱৰ সৈতে আছে ।
কেনেকৈ ৰাজীৱ ভাটিয়া হ’ল অক্ষয় কুমাৰ ?
অক্ষয় কুমাৰৰ নামৰ পূৰ্বে আছিল ৰাজীৱ হৰি ওম ভাটিয়া । মুম্বাইলৈ আহি তেওঁ ইয়াতেই মাৰ্শ্বাল আৰ্টৰ শিক্ষকৰ কাম কৰিছিল । ইয়াৰ পিচত অক্ষয় মডেলিঙৰ কামতো ব্যস্ত হৈ পৰিছিল । কিন্তু ইয়াৰ পিচতে সলনি হ’ল অক্ষয়ৰ ভাগ্য ৷ কিয়নো পৰিচালক মহেশ ভাটক তেওঁৰ ছবি ‘আজ’ৰ এটা দৃশ্যৰ বাবে কাৰাটে প্ৰশিক্ষকৰ প্ৰয়োজন হ’ল । এই ভূমিকা আছিল মাত্ৰ কেইছেকেণ্ডমানৰ বাবে । ভাটিয়াৰ ছবিখনত অভিনয় কৰাৰ হেঁপাহ আছিল, সেয়েহে অক্ষয়ে এই ভূমিকাত সন্মতি দিছিল । অৱশ্যে এই ছবিখন বক্স অফিচত অসফল বুলি প্ৰমাণিত হ’ল যদিও ই ৰাজীৱ ভাটিয়াৰ সমগ্ৰ জীৱন সলনি কৰাৰ দিশ ৰূপে পৰিগণিত হ’ল ৷ ‘আজ’ৰ শ্বুটিঙৰ সময়তে তেওঁ নিজৰ নাম সলনি কৰি অক্ষয় কুমাৰ কৰি লোৱাৰ সিদ্ধান্ত লয় ।