চিটাৰা ডেস্ক, 6 নৱেম্বৰ: দক্ষিণৰ জনপ্ৰিয় অভেনত্ৰী ৰশ্মিকা মন্দান্না শেহতীয়াকৈ তেওঁৰ FAKE ভিডিঅ’ক লৈ চৰ্চাত আহিছে ৷ এতিয়া এই ভিডিঅ’টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বলীউডৰ শ্বেহেনশ্বাহ অমিতাভ বচ্চনৰ লগতে খোদ অভিনেত্ৰীগৰাকীয়ে ৷ দৰাচলতে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত এআইৰ সহায়ত আন এগৰাকী মহিলাৰ মুখত ৰশ্মিকাৰ মুখখন লগাই দিয়া হৈছে ।
ভিডিঅ’টোত দেখা গৈছে যে ক’লা পোছাক পৰিহিত এগৰাকী মহিলা লিফ্টত প্ৰৱেশ কৰিছে । মহিলাগৰাকীয়ে হাঁহি হাঁহি কেমেৰাৰ ফালে চাই থকা পৰিলক্ষিত হয় । এই মহিলাগৰাকীক ৰশ্মিকা আখ্যা দি ভিডিঅ’টো ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰিছে ব্যৱহাৰকাৰীয়ে । কিন্তু আচলতে এই ভিডিঅ’টোত থকা মহিলাগৰাকী ৰশ্মিকা নহয় । ভিডিঅ’টোত দেখা পোৱা মহিলাগৰাকী হৈছে ব্ৰিটিছ ইণ্ডিয়ান জাৰা পেটেল ।
ভিডিঅ’টো ইমানেই ভাইৰেল হৈ পৰিছিল যে অমিতাভ বচ্চনৰ ওচৰলৈ গৈ পাইছিল ভিডিঅ’টো । এই ডিপফেক ভিডিঅ’টোক লৈ তেওঁ লিখিছে, “হয়, এইটো আইনী ব্যৱস্থাৰ বাবে এক শক্তিশালী গোচৰ ।” ইফালে এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খোদ ৰশ্মিকাই ৷
ৰশ্মিকাই এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে - ‘‘এইটো শ্বেয়াৰ কৰাৰ বাবে মোৰ সঁচাকৈয়ে আঘাত লাগিছে আৰু মোৰ অনলাইনত বিয়পি পৰা ডিপফেক ভিডিঅ’টোৰ কথা ক’বলগীয়া হৈছে । এয়া সঁচাকৈয়ে কেৱল মোৰ বাবেই নহয়, আমাৰ প্ৰত্যেকৰে বাবেও অত্যন্ত ভয়ংকৰ ৷ আজি প্ৰযুক্তিৰ অপব্যৱহাৰৰ বাবে ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে ।’’