অসম

assam

ETV Bharat / entertainment

Rashmika Mandanna: কোনে ঠগিলে পুষ্পাৰ শ্ৰীৱল্লীক ?

প্ৰৱঞ্চনাৰ বলি হ’ল ৰশ্মিকা মান্দানা ৷ ৮০ লাখ টকা প্ৰতাৰণাৰ বলি হ’ল ৰশ্মিকা ৷ কোনে ঠগিলে অভিনেত্ৰীগৰাকীক ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

By

Published : Jun 19, 2023, 7:16 PM IST

Rashmika Mandanna fires long time manager after latter dupes her of Rs 80 lakh
৮০ লাখ টকাৰ প্ৰৱঞ্চনাৰ বলি হ’ল ৰশ্মিকা মান্দানা

চিটাৰা ডেস্ক, 19 জুন: দক্ষিণৰ চলচ্চিত্ৰ জগতৰ পৰা বলীউডলৈ নিজৰ আধিপত্য বিস্তাৰ কৰা অভিনেত্ৰী ৰশ্মিকা মান্দানা শেহতীয়াকৈ চৰ্চিত হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ খবৰ অনুসৰি ৰশ্মিকা মান্দানাৰ মেনেজাৰে ৮০ লাখ টকাৰ প্ৰতাৰণা কৰিছে অভিনেত্ৰীগৰাকীক । সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ঘটনাৰ বিষয়ে জানিব পাৰি ৰশ্মিকাই ততাতৈয়াকৈ মেনেজাৰজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰে । এইখিনিতে উল্লেখ কৰিব লাগিব যে এইজন মেনেজাৰ কেৰিয়াৰৰ আৰম্ভণিৰে পৰা অভিনেত্ৰীগৰাকীৰ সৈতে জড়িত হৈ আছিল ।

খবৰ অনুসৰি ৰশ্মিকাই মেনেজাৰক বহুদিনৰ পৰা চিনি পায় । এনে অৱস্থাত অভিনেত্ৰীগৰাকীয়ে মেনেজাৰজনক অন্ধভাৱে বিশ্বাস কৰিবলৈ আৰম্ভ কৰে । কিন্তু অভিনেত্ৰীগৰাকীৰ বিশ্বাসযোগ্য মেনেজাৰজনে অৱশেষত তেওঁক বিশ্বাসঘাতকতা কৰে । এই ঘটনাৰ বিষয়ে ৰশ্মিকাই জানিব পাৰি তেওঁক কামৰ পৰা বৰ্খাস্ত কৰে ।

খবৰ অনুসৰি মেনেজাৰে ৰশ্মিকাক ৮০ লাখ টকাৰ প্ৰতাৰণা কৰিছে। যদিও ৰশ্মিকাই এই ঘটনা সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । ৰশ্মিকাৰ ফালৰ পৰা এক সূত্ৰই জনাইছে – ৮০ লাখ টকাৰ প্ৰৱঞ্চনা কৰিছে মেনেজাৰজনে । অৱশ্যে এই সন্দৰ্ভত কোনো বিতৰ্ক সৃষ্টি কৰিব বিচৰা নাছিল অভিনেত্ৰীগৰাকীয়ে । গতিকে, অভিনেত্ৰীগৰাকীয়ে নিজৰ মেনেজাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰি নিজেই এই ঘটনাৰ সৈতে মোকাবিলা কৰিছে ।

ৰশ্মিকা মান্দানাৰ আগন্তুক প্ৰজেক্ট

শীঘ্ৰেই অভিনেত্ৰীগৰাকীক দেখা যাব বলীউডৰ ছবি ‘এনিমেল’ত । এই ছবিখনৰ পৰিচালক সন্দীপ ৰেড্ডী ভাংগা । এই ছবিখনত তেওঁৰ সৈতে ৰণবীৰ কাপুৰ, অনিল কাপুৰ আৰু ববি দেওলক দেখা যাব । এই ছবিখন ২০২৩ চনৰ ১১ আগষ্টত ছবিগৃহত মুক্তি পাব । ইয়াৰ উপৰিও ৰশ্মিকাই আল্লু অৰ্জুনৰ সৈতে ‘পুষ্পা: দ্য ৰুল’ ছবিৰ শ্বুটিঙত ব্যস্ত হৈ আছে ।

লগতে পঢ়ক:Adipurush box office collection day 3: আদিপুৰুষে মুক্তিৰ তিনিদিনতে গঢ়িলে এই অভিলেখ, ভংগ কৰিলে পাঠানকে ধৰি এই ছবিবোৰৰ অভিলেখ

লগতে পঢ়ক:Bigg Boss OTT 2: বিগ বছ অটিটি 2 ৰ পৰা ১২ ঘণ্টাৰ ভিতৰতে বহিষ্কাৰ কৰা হ’ল পুনীত ছুপাৰষ্টাৰক, কিন্তু কিয়?

ABOUT THE AUTHOR

...view details