অসম

assam

ETV Bharat / entertainment

ৰশ্মিকা ডিপফেক ভিডিঅ' বিতৰ্ক, চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ - Centre summons social media giants

ফেচবুক, ইনষ্টাগ্ৰাম, এক্স আৰু ইউ টিউবক ডিপফেক সন্দৰ্ভত চমন জাৰি চৰকাৰৰ । বিষয়টোত তেওঁ দৃষ্টিভংগী প্ৰকাশৰ বাবে আহ্বান । তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে অন্যান্য প্ৰাসঙ্গিক মন্ত্ৰালয়ৰ সৈতে এই বিষয়টো পুংখানুপুংখভাৱে পৰীক্ষা কৰিব ।

Rashmika Mandanna deepfake controversy
ৰশ্মিকা ডিপফেক ভিডিঅ' বিতৰ্ক

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 2:46 PM IST

চিটাৰা,১৭ নৱেম্বৰ :শেহতীয়াকৈ দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী তথা নেশ্যনেল ক্ৰাছ ৰশ্মিকা মন্দান্নাৰ ডিপফেক ভিডিঅ' ভাইৰেল হৈছিল । যাক লৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । সাংস্কৃতিক, ৰাজনৈতিক সকলো ক্ষেত্ৰতে এই বিষয়টোৱে চৰ্চা লাভ কৰিছিল । ঘটনাটোৰ পাছতে আৰক্ষী আৰু কেন্দ্ৰীয় চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ হাতত লৈছে । তাৰ অংশ হিচাপে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সামাজিক মাধ্যমৰ বিভিন্ন প্ৰতিষ্ঠানলৈ চমন জাৰি কৰি এনে সমস্যা সমাধানৰ নিৰ্দেশ দিছে ।

সূত্ৰৰ মতে ফেচবুক, ইনষ্টাগ্ৰাম, এক্স আৰু ইউটিউবক এখন সভাত মিলিত হ'বলৈ আহ্বান জনোৱা হৈছে । লগতে তেওঁলোকৰ বিষয়টোৰ ওপৰত নিজৰ নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰিবলৈও কোৱা হৈছে । সামাজিক মাধ্যমৰ এই প্লেটফৰ্মবোৰ এনে বিকৃত সমল প্ৰকাশৰ বাবে দায়বদ্ধ প্ৰাথমিক চেনেল হোৱাৰ বাবে তেওঁলোকৰ সৈতে আলোচনা গুৰুত্বপূৰ্ণ বুলিও স্বীকাৰ কৰিছে চৰকাৰে ।

সূত্ৰটোৱে উল্লেখ কৰা মতে তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে অন্যান্য প্ৰাসঙ্গিক মন্ত্ৰালয়ৰ সৈতে এই বিষয়টো পুংখানুপুংখভাৱে পৰীক্ষা কৰিব । বিশেষকৈ চলিত ৰাজ্যিক নিৰ্বাচন আৰু অহা বছৰৰ আগন্তুক ৰাষ্ট্ৰীয় নিৰ্বাচনৰ কথা বিবেচনা কৰি এনে ধৰণ ভুৱা প্ৰচাৰক লৈ চৰকাৰ গভীৰভাৱে চিন্তিত হৈছে । মন্দান্নাৰ ভুৱা ভিডিঅ' ভাইৰেলৰ পাছতে চৰকাৰে ডিপফেকৰ সমস্যাটো সমাধান কৰাৰ তাৎক্ষণিক পদক্ষেপ লৈছে ।

বিশেষ সূত্ৰটোৰ মতে সামাজিক মাধ্যমৰ প্ৰতিষ্ঠানবোৰে ইতিমধ্যে বিষয়টোৰ ওপৰত তেওঁলোকৰ দৃষ্টিভংগী উপস্থাপন কৰিছে । চৰকাৰে এই মতামতসমূহৰ সন্দৰ্ভত আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছে লগতে তথ্য প্ৰযুক্তি আইনত উল্লেখ কৰা ব্যৱস্থাসমূহো আলোচনা কৰিব । তথ্য প্ৰযুক্তি আইন, ২০০০-ৰ ধাৰা ৬৬ডি-ত ৩ বছৰলৈকে সম্ভাৱ্য কাৰাবাস আৰু ১ লাখ টকালৈকে জৰিমনা নিৰ্ধাৰণ কৰা হৈছে ।

চৰকাৰে ছ'চিয়েল মিডিয়া মধ্যস্থতাকাৰীসকলক নিয়মাৱলী পালন, গোপনীয়তা নীতি, ব্যৱহাৰকাৰী চুক্তি আৰু ব্যৱহাৰকাৰীসকলক আন এজন ব্যক্তিৰ ছদ্মবেশ ধাৰণ কৰা বা মিছাকৈ প্ৰতিনিধিত্ব কৰা কোনো সমল প্ৰকাশ নকৰিবলৈ অৱগত কৰাকে ধৰি যথাযথ পদক্ষেপ কৰিবলৈ সতৰ্ক কৰি দিছে ।

লগতে পঢ়ক :Kajol DeepFake Video: ৰশ্মিকাৰ পিচত এইবাৰ ডিপফেক ভিডিঅ’ৰ বলি কাজল

ABOUT THE AUTHOR

...view details