চিটাৰা ডেস্ক, 12 নৱেম্বৰ : মাৰাকেচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আৰম্ভণিৰ নিশা বলীউডৰ তাৰকা ৰণবীৰ সিঙে Etoile d'Or বঁটা লাভ কৰে ৷ বঁটা লাভ কৰাৰ লগে লগে ‘Gully Boy’ৰ এটা ৰেপ গানত নৃত্য পৰিবেশন কৰিবলৈ মঞ্চলৈ উঠি যায় অভিনেতাজন ।
ভেৰাইটিৰ মতে, মহোৎসৱৰ মুকলি অনুষ্ঠানৰ সময়ত ৰণবীৰে তেওঁৰ অন্যতম বৈশিষ্ট্যপূৰ্ণ শক্তিশালী নৃত্য প্ৰদৰ্শন কৰে । অভিনেতা গৰাকীক মাৰাকেচৰ Etoile d'Or ট্ৰফী প্ৰদান কৰাৰ সময়ত তেওঁ কয়, "এইটো আটাইতকৈ আন্ধাৰ সময় । মোৰ চৌপাশৰ জগতখনলৈ চালে মই নানা ধৰণৰ যন্ত্ৰণা আৰু দুখ-কষ্ট দেখা পাওঁ । মই অনুভৱ কৰোঁ যে এজন মনোৰঞ্জনকাৰী হিচাপে মোৰ সামৰ্থ্য অনুসৰি, মই কৰিব পৰা সৰ্বশ্ৰেষ্ঠ কামটো হ'ল মানুহৰ বোজা পাতল কৰা", ভেৰাইটিয়ে এই প্ৰতিবেদন প্ৰকাশ কৰে ।
উদ্বোধনী অনুষ্ঠানৰ প্ৰদৰ্শনৰ পিছত, তেওঁ মাৰাকেচৰ বিখ্যাত জেমা এল ফনা চৌহদলৈ যায় য'ত ৰণবীৰৰ সঞ্জয় লীলা ভাঞ্চালী পৰিচালিত ছবি 'বাজীৰাও মস্তানী' প্ৰদৰ্শিত হয় । তাত তেওঁ ৰাইজৰ বাবে 'গালি বয়'ৰ এটা ৰেপ নম্বৰ উপস্থাপন কৰে আৰু আকৌ এবাৰ নৃত্য কৰে । "আপুনি মোক এখন মঞ্চত দিছে আৰু মোক এটা মাইক দিছে আৰু মই আপোনাক এটা গান গাবলৈ বা আপোনাক নৃত্য কৰিবলৈ বা আপোনাক চিনেমা এখন দেখুৱাবলৈ বা আপোনাক এটা কাহিনী ক'বলৈ বাধ্য হোৱা যেন অনুভৱ কৰোঁ", ভেৰাইটিয়ে জনোৱা মতে তেওঁ এইদৰে কয় ।