অসম

assam

ETV Bharat / entertainment

Ranveer Singh Deepika Padukone:নৌকা যাত্ৰাৰে কোৱালিটি সময় পাৰ কৰিছে ৰণবীৰ-দীপিকাই

বিচ্ছেদৰ বাতৰি চলি থকাৰ মাজতে ৰণবীৰ আৰু দীপিকাই সকলো ওফৰাই লাইমলাইটৰ পৰা আঁতৰি নিৰিবিলি সময় কটাইছে ৷ ৰণবীৰে নিজৰ ইনষ্টা ষ্ট’ৰীত শ্বেয়াৰ কৰিছে দুয়োৰে নৌকা যাত্ৰাৰ ফটো (Ranveer Singh instagram) ৷

By

Published : Nov 3, 2022, 1:47 PM IST

ranveer singh and deepika padukone
কোৱালিটি সময় পাৰ কৰিছে ৰণবীৰ-দীপিকাই

চিটাৰা ডেস্ক, 3 নৱেম্বৰ :বলীউডৰ পাৱাৰ কপল ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ বিভাজনৰ খবৰে শিৰোনাম দখল কৰাৰ পিছৰে পৰা দম্পতীহালে ইজনে সিজনক অহৰহ সময় দি সকলো উৰাবাতৰিৰ ওৰ পেলাইছে । শেহতীয়াকৈ দেখিবলৈ পোৱা ৰণবীৰ-দীপিকাৰ নতুন ধেমেলীয়া ভিডিঅ’টোৱে প্ৰমাণ কৰিছে যে তেওঁলোকৰ সম্পৰ্ক সাতটা জন্মৰ । দৰাচলতে ৰণবীৰ সিঙে পত্নী দীপিকা পাডুকনৰ সৈতে মানসম্পন্ন সময় কটোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে, যিটো দুয়োৰে অনুৰাগীয়ে খুব পছন্দ কৰিছে ৷

ৰণবীৰ সিঙে তেওঁৰ Instastory ত এটা ভিডিঅ’ৰ লগতে কিছু ফটো শ্বেয়াৰ কৰিছে । ভিডিঅ’টোত দীপিকাক ৰণবীৰ সিঙৰ সন্মুখত বহি থকা দেখিবলৈ পোৱা গৈছে ৷ ক’লা শ্বৰ্টছ আৰু বগা টি-চাৰ্টত দীপিকাক ক্যুল লুকত দেখিবলৈ পোৱা গৈছে । বগা স্নিকাৰ আৰু ছানগ্লাছ পিন্ধি দীপিকাই নিজৰ লুকটো সম্পূৰ্ণ কৰিছে । সন্মুখৰ পৰা ৰণবীৰে পত্নী দীপিকাৰ ভিডিঅ’ বনাইছে ৷ ভিডিঅ’টোত দীপিকাই হাঁহি হাঁহি ৰণবীৰক প্ৰহাৰ কৰা দেখা গৈছে । ভিডিঅ’টো শ্বেয়াৰ কৰি ৰণবীৰে কেপছনত লিখিছে – ‘#Cutie’।

নৌকা যাত্ৰাৰে কোৱালিটি সময় পাৰ কৰিছে ৰণবীৰ-দীপিকাই

বুধবাৰে 57 সংখ্যক জন্মদিনত শ্বাহৰুখ খানে তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘পাঠান’ৰ টিজাৰ শ্বেয়াৰ কৰি চলচ্চিত্ৰ জগতত আলোড়নৰ সৃষ্টি কৰিছে । অনুৰাগীৰ পৰা তাৰকা সকলোৱে আদৰি লৈছে টিজাৰটো ৷ টিজাৰত দেখিবলৈ পোৱা গৈছে দীপিকা পাডুকনৰ ব’ল্ড আৰু গ্লেমাৰাছ লুক । পাঠানৰ টিজাৰ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে 1 কোটি 60 লাখৰো অধিক ভিউ লাভ কৰিছে ।

নৌকা যাত্ৰাৰে কোৱালিটি সময় পাৰ কৰিছে ৰণবীৰ-দীপিকাই

দীপিকা পাডুকনক এই বছৰ মুক্তি পোৱা 'Gehraiyaan' বোলছবিখনত দেখা গৈছিল আৰু এতিয়া শেহতীয়াকৈ হৃত্বিক ৰোশনৰ সৈতে তেওঁৰ পৰৱৰ্তী ছবি 'ফাইটাৰ'ও ঘোষণা কৰা হৈছে । ফাইটাৰ চলচ্চিত্ৰখনৰ মুক্তিৰ তাৰিখ এবছৰ আগুৱাই নি 2024 চনৰ 25 জানুৱাৰীত মুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ৷

লগতে পঢ়ক :Ranveer Singh in FIFA World Cup: ফিফা ৱৰ্ল্ড কাপৰ ফাইনেলত ভাৰতক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব ৰণবীৰ সিং

ABOUT THE AUTHOR

...view details