চিটাৰা ডেস্ক, 10 মে’: বলীউডৰ অন্যতম জনপ্ৰিয় আৰু সফল দম্পতী ৰণবীৰ সিং আৰু দীপিকা পাডুকন তিনি বছৰৰো অধিক সময় পাৰ কৰিলে সাংসাৰিক জীৱন । অনুৰাগীসকলে এতিয়া অপেক্ষা কৰিছে তেওঁলোকৰ মাজত তৃতীয় সদস্যৰ (Ranveer Singh Deepika padukone baby) । বলীউড আৰু টেলিভিশ্যনৰ বহু তাৰকাৰ পিতৃ-মাতৃ হোৱাৰ খবৰ বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে । এনে পৰিস্থিতিত ৰণবীৰ দীপিকাৰ অনুৰাগীয়ে এটা গুড নিউজ আশা কৰাটো স্বাভাৱিক । এটা সাক্ষাৎকাৰত, ৰণবীৰ সিঙে পৰিয়াল পৰিকল্পনাৰ বিষয়ে এটি ডাঙৰ কথা প্ৰকাশ কৰিছে ।
অতি শীঘ্ৰে মুক্তি পাব লগা 'জয়েশভাই জৰ্দাৰ'ত অভিনয় কৰা ৰণবীৰ সিঙে এটা সাক্ষাৎকাৰত তেওলোকৰ মাজলৈ এটি শিশুৰ পৰিকল্পনাৰ বিষয়ে সোধাত কৈছিল, তেওঁ আৰু দীপিকাই ভৱিষ্যতৰ পৰিকল্পনা আৰু অন্যান্য বিষয়ৰ ওপৰত কথা পাতি আছে । অভিনেতাজনে লগতে উল্লেখ কৰিছিল যে তেওঁলোকৰ বিবাহৰ যথেষ্ট সময় হৈছে আৰু তেওঁৰ কেৰিয়াৰো এতিয়া সঠিক পথত গৈ আছে ।