অসম

assam

By

Published : Aug 11, 2023, 3:17 PM IST

ETV Bharat / entertainment

Rani Mukerji Miscarriage: গৰ্ভাৱস্থাৰ ৫ মাহ পিচত ৰাণী মুখাৰ্জীয়ে হেৰুৱাইছিল নিজৰ দ্বিতীয় সন্তান

ক’ভিড ১৯ মহামাৰীৰ সময়ত তেওঁ অন্তঃসত্বা আছিল ৰাণী মুখাৰ্জী, কিন্তু ৫ মাহ পিচতে গৰ্ভপাত হয় অভিনেত্ৰীগৰাকীৰ ৷ গৰ্ভপাতৰ দহ দিন পিচতে আহিলে Mrs. Chatterjee vs Norway ছবিখনৰ অফাৰ ৷

Rani Mukerji shares emotional miscarriage experience during pandemic: 'Unfortunately lost my baby five months into pregnancy'
গৰ্ভপাতৰ বিষয়ে মুকলিকৈ ক’লে ৰাণী মুখাৰ্জীয়ে

চিটাৰা ডেস্ক, 11 আগষ্ট: শেহতীয়াকৈ অভিনেত্ৰী ৰাণী মুখাৰ্জীক দেখা গৈছিল তেওঁৰ শেহতীয়া Mrs Chatterjee vs Norway ছবিখনত । জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা আদিত্য চোপ্ৰাৰ পত্নী ৰাণী মুখাৰ্জী আৰু তেওঁলোকৰ এটি কন্যাও আছে । কিন্তু শেহতীয়াকৈ ৰাণীয়ে নিজৰ দ্বিতীয় সন্তান হেৰুৱাৰ বেদনা মুকলিকৈ শ্বেয়াৰ কৰিলে ৷

ৰাণীয়ে এই কথা প্ৰকাশ কৰিছে মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত । ৰাণীয়ে কয় যে ক’ভিড ১৯ মহামাৰীৰ সময়ত তেওঁ দ্বিতীয় সন্তানক হেৰুৱাইছিল । অভিনেত্ৰীগৰাকীয়ে পূৰ্বৰ ছবিখনৰ সময়ত এই কথা উল্লেখ কৰা নাছিল কিয়নো মানুহে ভাবিব পাৰে যে এয়া ছবিৰ প্ৰমোচনৰ বাবে কৰিছে ৷

ৰাণীয়ে কয়, “হয়তো এই কথা প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছো কাৰণ আজিৰ পৃথিৱীত আপোনাৰ জীৱনৰ প্ৰতিটো দিশৰ বিষয়ে ৰাজহুৱাভাৱে আলোচনা কৰা হয় ৷ কাৰণ এইবোৰ বিষয়ে ক’লে ছবিখনৰ প্ৰমোচন কৰা বুলি চৰ্চা হ’ব পাৰে । স্পষ্টভাৱে যেতিয়া মই ছবিখনৰ প্ৰচাৰ কৰি আছিলো তেতিয়া মই এই বিষয়ে কোৱা নাছিলো কাৰণ এনে লাগিছিল যেন মই ছবিখন কঢ়িয়াই নিবলৈ মোৰ ব্যক্তিগত সমস্যাৰ ব্যৱহাৰ কৰিছো ।"

ৰাণীয়ে ক’লে, “এয়া ক’ভিড-১৯ হোৱা বছৰৰ কথা । ২০২০ চনৰ কথা । ২০২০ চনৰ শেষৰ ফালে দ্বিতীয় সন্তানৰ সৈতে অন্তঃসত্বা হৈছিলো আৰু দুৰ্ভাগ্যজনকভাৱে গৰ্ভধাৰণৰ পাঁচ মাহৰ পিচতে মোৰ সন্তান হেৰুৱালোঁ ।’’

ৰাণীয়ে কয় যে গৰ্ভপাতৰ মাত্ৰ ১০ দিনৰ পিচতে ‘Mrs Chatterjee vs Norway’ ছবিখনত মাতৃৰ চৰিত্ৰত অভিনয় কৰিবলৈ ছবি প্ৰযোজক নিখিল আদৱানীৰ পৰা ফোন আহিছিল । যিয়ে নিজৰ সন্তানৰ তত্ত্বাৱধানৰ বাবে সমগ্ৰ ব্যৱস্থাটোৰ বিৰুদ্ধে যুঁজ দিয়ে ।

ৰাণীয়ে কয়, “মোৰ সন্তান হেৰুৱাৰ প্ৰায় ১০ দিন পিচত নিখিলে মোক ফোন কৰিছিল । তেওঁ মোক কাহিনীটো ক’লে আৰু মই লগে লগে অনুভৱ কৰিলোঁ, এই আৱেগ অনুভৱ কৰিবলৈ মই যে এটা সন্তান হেৰুৱাব লগা হ’ল, কিন্তু কেতিয়াবা আপুনি ব্যক্তিগতভাৱে যিখিনিৰ মাজেৰে পাৰ হৈ গৈছে সেয়া সময়োপযোগী প্ৰকাশ এখন ছবিও নিৰ্ধাৰণ হয়, যাতে আপুনি ইয়াৰ সৈতে লগে লগে সংযোগ স্থাপন কৰিব পাৰে ৷ ’’

ৰাণীয়ে কয় যে তেওঁৰ পৰিচালক আৰু প্ৰযোজকসকলে এতিয়াও তেওঁৰ ক্ষতিৰ বিষয়ে অৱগত নহয় আৰু লগতে কয় যে তেওঁলোকে সাক্ষাৎকাৰটো চালে স্তম্ভিত হ’ব । ৰাণী মুখাৰ্জীয় আৰু তেওঁৰ স্বামী আদিত্য চোপ্ৰা ৮ বছৰীয়া কন্যা আদিৰাৰ পিতৃ-মাতৃ।

লগতে পঢ়ক:Mrs Chatterjee vs Norway Trailer OUT: 'য়ে দেশ কা মেটাৰ হ্য়ে', ৰাণী মুখাৰ্জীৰ নতুন ছবিৰ ট্ৰেইলাৰ চালেনে ?

ABOUT THE AUTHOR

...view details