চিটাৰা ডেস্ক, 29 মে’:২৮ মে’ত সাৱৰকাৰৰ ১৪০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে মুক্তি লাভ কৰে ৰণদীপ হুদাৰ অভিনীত ছবি ‘স্বতন্ত্ৰ বীৰ সাৱৰকাৰ’ৰ টিজাৰ (Swatantrya Veer Savarkar Teaser out)। টিজাৰত ৰণদীপক অতি দুৰ্বল আৰু ক্ষীণ দেখা গৈছে। এইখিনিতে উল্লেখ কৰিব লাগিব যে ছবিখনত সাৱৰকাৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে ৰণদীপে । সেয়াহে, শাৰীৰিকভাৱে সাৱৰকাৰৰ সদৃশ হ’বলৈ ৰণদীপ হুদাই ২৬ কিলো ওজন কমাবলগীয়া হৈছিল ৷ কিন্তু আপুনি জানেনে কেনেকৈ অভিনেতাগৰাকীয়ে নিজৰ ওজন হ্ৰাস কৰিছে ৷ চাৰি মাহে অভিনেতাগৰাকীয়ে দুটা বস্তু গ্ৰহণ কৰিছিল ৷ এই কথা প্ৰকাশ কৰিছে ছবিখনৰ প্ৰযোজকে (Swatantrya Veer Savarkar Official Teaser) ।
এই ছবিখনৰ প্ৰযোজক আনন্দ পণ্ডিতে প্ৰকাশ কৰিছে যে বিনায়ক দামোদৰ সাৱৰকাৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ ৰণদীপে ২৬ কেজি কমাবলগীয়া হৈছিল (Randeep Hooda was on a diet) । প্ৰযোজকগৰাকীয়ে কয়, ‘ৰণদীপে সাৱৰকাৰৰ চৰিত্ৰটোক লৈ অতিশয় উৎসাহিত হৈ আহিছে, পৰ্দাত এই চৰিত্ৰটোৰ বাবে তেওঁ নিজৰ পৰা সকলো প্ৰচেষ্টা কৰিছিল ৷ সেয়াহে শ্বুটিং শেষ নোহোৱালৈকে চাৰি মাহে মাত্ৰ ১ টা খেজুৰ আৰু এগিলাচ গাখীৰ সেৱন কৰিছিল ।