অসম

assam

ETV Bharat / entertainment

বিয়াৰ পূৰ্বে কন্যাৰ পৰিয়ালৰ সৈতে প'জ দিলে ৰণদীপ হুদাই, মণিপুৰী নিয়মেৰে হ’ব বিবাহ - লিন লাইশ্ৰম

বুধবাৰে বিবাহপাশত আবদ্ধ হ’ব ৰণদীপ হুদা আৰু লিন লাইশ্ৰম । তেওঁলোকৰ ডাঙৰ দিনটোৰ পূৰ্বে লিনে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে আনন্দ কৰা কিছু ফটো শ্বেয়াৰ কৰিছে ৷

Randeep Hooda-Lin Laishram's pre-wedding celebrations with family and friends - see pics
কন্যাৰ পৰিয়ালৰ সৈতে পোজ দিলে ৰণদীপ হুদাই

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 4:35 PM IST

চিটাৰা ডেস্ক, 29 নৱেম্বৰ: আজি মণিপুৰৰ ইম্ফলত বিবাহপাশত আবদ্ধ হ’ব অভিনেতা ৰণদীপ হুদা আৰু লিন লাইশ্ৰম । বিয়াৰ পূৰ্বৰ উদযাপনৰ ফটো শ্বেয়াৰ কৰিছে কইনা লিন লাইশ্ৰমে । লিনে তেওঁৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকে ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰা ফটোসমূহ পুনৰ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীজত শ্বেয়াৰ কৰিছে ।

ইয়াৰে এখন ছবিত দৰা-কইনাক পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে প'জ দিয়া দেখা গৈছে । পোষ্টটোৰ কেপচনত লিখা আছিল, "প্ৰি-ৱেডিং গ্লিম্পছ ।" মঙলবাৰে ৰণদীপ আৰু লিনে একেলগে ইম্ফলৰ এটা মন্দিৰ দৰ্শন কৰে । ফটোখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি লিনে নিজৰ ভাষাত অৰ্থাৎ মণিপুৰী ভাষাত এটা দীঘলীয়া কেপচন লিখিছিল, য’ত লিখা আছিল, “গোল্ডেন লেণ্ড কাংলেইত জিলিকি থকা গ্ৰেট লৰ্ড মাৰ্জিঙৰ বাসস্থানলৈ, আমি আন ঠাইৰ পৰা বহু দূৰলৈ আহিছিলোঁ, আমি আপোনাক প্ৰাৰ্থনা আৰু পূজা কৰিছো ৷ এই প্ৰক্ৰিয়াত যদি আমি অজানিতে কোনো ভুল কৰিছিলো, তেন্তে অনুগ্ৰহ কৰি আমাক আপোনাৰ নিজৰ সন্তান হিচাপে ক্ষমা কৰি দিব ।"

লিনে লগতে লিখিছে, "আমাৰ নৱ-বিবাহিত জীৱনত অন্তহীন ধন-সম্পত্তি আৰু সুখৰ বৰষুণ দি আমাৰ ওপৰত আপোনাৰ আশীৰ্বাদ ৰাখিব । আৰু মোৰ জীৱনসংগী এটা বেলেগ সম্প্ৰদায়ৰ হোৱাৰ বাবেই, তেওঁ কি ক’ব লাগে আৰু কি কৰিব লাগে আৰু কাংলেইৰোলৰ আৰোহণ নজনাকৈ ভুলবোৰ ক’ব বা কৰিব পাৰে ৷ আমি কাংলেইপাকৰ সকলো লোকৰ পৰা ক্ষমা বিচাৰোঁ আৰু ইয়াৰ দ্বাৰা মহান লৰ্ড মাৰ্জিঙৰ ওচৰত প্ৰাৰ্থনা কৰোঁ । মেইটেই লেণ্ড কাংলেইপাক মণিপুৰৰ জয় হওক ।"

পৰিয়ালসহ লিন আৰু ৰণদীপে মইৰাং লামখাইৰ ৰিলিফ কেম্প আৰু চেন্দ্ৰা টুৰিষ্ট ৰিজৰ্ট পৰিদৰ্শন কৰে । সংবাদ মাধ্যমৰ এজন ব্যক্তিৰ সৈতে হোৱা এক মত বিনিময়ৰ সময়ত ৰণদীপে লিন লাইশ্ৰমৰ সৈতে তেওঁৰ প্ৰেম কাহিনী আৰু মণিপুৰী পৰম্পৰাৰ অভিজ্ঞতাৰ বিষয়ে কয় ।

অভিনেতাগৰাকীয়ে কয়, "বহুত ভাল লাগিছে । মই অনুভৱ কৰো যে কইনাৰ পৰম্পৰাত বিয়া কৰাটো সন্মানজনক । যদিও মই শুনিছো যে মেইটেই প্ৰেম বিবাহত দৰাজনে বহুত দিন বহিব লাগে । সেইটো বাৰু মোৰ বাবে বেলেগ কথা । মই মোৰ জীৱন সংগীৰ সংস্কৃতি অনুভৱ কৰিব বিচাৰো । সেইবাবেই মই ইয়াত আহিছো ।"

ৰণদীপে কয়, "আশাকৰোঁ মই কোনো ভুল নকৰো যাতে । আমি তেওঁলোকৰ সংস্কৃতি, মণিপুৰী সংস্কৃতি আৰু সেই সকলোবোৰৰ বিষয়ে বহুদিনৰ পৰা কথা পাতি আহিছো । মই সঁচাকৈয়ে ইয়াৰ বাবে আগ্ৰহী আৰু আশা কৰিছো যে সকলো ঠিকেই হ’ব । মই তাকেই প্ৰাৰ্থনা কৰো ।"

ইফালে লিন লাইশ্ৰমে ৰণদীপ হুদাৰ সৈতে তেওঁৰ প্ৰেম কাহিনী কেনেকৈ আৰম্ভ হৈছিল সেই বিষয়ে কয়, "আমি আচলতে নাছিৰুদ্দিন শ্বাহৰ মটলী নামৰ থিয়েটাৰ গ্ৰুপত লগ পাইছিলো আৰু তেওঁ মোৰ চিনিয়ৰ আছিল । তাতেই মই তেওঁক লগ পাইছিলো । আমি বন্ধু আছিলো আৰু তাৰ পাচত ই এক সুন্দৰ যাত্ৰালৈ পৰিণত হৈছিল অৰ্থাৎ প্ৰেমৰ যাত্ৰা ।" কিছুদিন পূৰ্বে ৰণদীপে ইনষ্টাগ্ৰামত বিবাহৰ কথা ঘোষণা কৰিছিল ৷ ২৯ নৱেম্বৰত ইম্ফলত বিবাহপাশত আবদ্ধ হোৱাৰ কথা ঘোষণা কৰিছিল অভিনেতাগৰাকীয়ে । ৰণদীপে কেপচনত লিখিছিল, “We Have Exciting News”।

লগতে পঢ়ক:Randeep Hooda: লিন লাইশ্ৰম কোন ? যাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলাৰ সপোন দেখিছে অভিনেতা ৰণদীপ হুদাই

ABOUT THE AUTHOR

...view details