অসম

assam

ETV Bharat / entertainment

Ranbir Alia Wedding: প্ৰাক্তন প্ৰেমিক ৰণবীৰলৈ বিয়াৰ শুভেচ্ছা কেটৰিণা-দীপিকাৰ - ৰণবীৰ আলিয়াৰ বিয়া

অৱশেষত স্বামী-স্ত্ৰীৰ সম্পৰ্কত বান্ধ খালে ৰণবীৰ-আলিয়া ৷ বলীউডৰ বহুল চৰ্চিত বিয়াখন অৱশেষত হ’লগৈ (Ranbir Alia Wedding) ৷ পাপাৰাজী, অনুৰাগীৰ পৰা বলীউড তাৰকালৈকে সকলোৱে দুয়োকে সামাজিক মাধ্যমত যাচিছে শুভেচ্ছা (Wedding wishes to Ranbir Alia) ৷ কিন্তু দুটা বিশেষ শুভেচ্ছা বাণীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

Ranbir Alia Wedding
ৰণবীৰ আলিয়াৰ বিয়া

By

Published : Apr 15, 2022, 6:47 PM IST

চিটাৰা ডেস্ক, 15 এপ্ৰিল:ৰণবীৰ আলিয়াৰ বিয়াৰ ফটো এতিয়া সামাজিক মাধ্যমত উপলব্ধ হৈ পৰিছে ৷ দুয়োৰে বিয়াৰ বাবে অপেক্ষা কৰি থকা অনুৰাগীসকলে লৈছে স্বস্তিৰে নিশ্বাস ৷ বিয়াৰ ফটোসমূহ দেখি অনুৰাগীসকল হৈ পৰিছে আৱেগিক ৷ সামাজিক মাধ্যমত হিয়া উজাৰি শুভেচ্ছা যাচিছে দুয়োকে ৷

অনুৰাগীৰ লগতে বলীউড তাৰকা সকলেও ৰণবীৰ আলিয়াৰ ফটো সমূহ নিজৰ সামাজিক মাধ্যমৰ একাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰি দুয়োলৈকে যাচিছে শুভেচ্ছা ৷ কিন্তু তাৰ মাজতে নেটিজেনৰ চকু গৈছে দুটা বিশেষ শুভেচ্ছা বাণীলৈ (Wedding wishes to Ranbir Alia) ৷ সেইয়া হৈছে ৰণবীৰৰ প্ৰাক্তন প্ৰেমিকা কেটৰিণা আৰু দীপিকাৰ শুভেচ্ছা বাণী ৷

বিয়াৰ পিছতেই আলিয়াই ইনষ্টাগ্ৰামৰ জৰিয়তে এই শুভ বাৰ্তাটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছিল ৷ আলিয়াৰ পোষ্টটো বলীউড তাৰকা সকলৰ শুভকামনাৰে উপচি পৰিছিল ৷ পোষ্টোটত বলীউডৰ দুগৰাকী শীৰ্ষ অভিনেত্ৰী তথা ৰণবীৰৰ প্ৰাক্তন প্ৰেমিকা দীপিকা আৰু কেটৰিণাইয়ো শুভবাৰ্তা প্ৰদান কৰিছিল ৷

প্ৰাক্তন প্ৰেমিক ৰণবীৰলৈ বিয়াৰ শুভেচ্ছা কেটৰিণা দীপিকাৰ

পোষ্টটোত কমেণ্ট কৰাৰ পিছতো কেটৰিণাই দুয়োৰে ফটো নিজৰ ইনষ্টা ষ্টোৰীত ৰঙা হাৰ্ট ইম’জীৰে শ্বেয়াৰ কৰি লিখিলে, অল দ্য লাভ এণ্ড হেপিনেছ ৷ দীপিকাই অৱশ্যে আলিয়াৰ পোষ্টত কমেণ্ট কৰিয়েই সামৰণি মাৰিলে (Ranbir Alia wedding updates) ৷

প্ৰাক্তন প্ৰেমিক ৰণবীৰলৈ বিয়াৰ শুভেচ্ছা কেটৰিণা দীপিকাৰ

অনুৰাগীয়ে সামাজিক মাধ্যমত খুব পছন্দ কৰিছে দুই অভিনেত্ৰীৰ এই ব্যৱহাৰ ৷ উল্লেখ যোগ্য যে ৰণবীৰ দীপিকা আৰু কেটৰিণাৰ লগত প্ৰেমৰ সম্পৰ্কৰ বাতৰিয়ে বহু সময় ধৰি চৰ্চাত আছিল ৷

লগতে পঢ়ক:Ranbir Alia Wedding: ৰণবীৰ আলিয়াৰ মেহেন্দীত কাক দেখি চকু থৰ লাগিল সকলোৰে

ABOUT THE AUTHOR

...view details