চিটাৰা ডেস্ক, 7 ছেপ্টেম্বৰ : বলীউডত সঁচাকৈয়ে কু-দৃষ্টি পৰিছে ৷ নিৰ্মাণ হোৱা প্ৰতিখন ছবিকলৈয়ে তীব্ৰ বিৰোধিতা চলাই থকা হৈছে । আমীৰ খানৰ ‘লাল সিং চাড্ডাা’ আৰু বিজয় দেৱেৰাকোণ্ডাৰ ‘লাইগাৰ’ ছবিখনৰ পিছত 400 কোটি টকাৰ বাজেটত নিৰ্মিত বহু প্ৰতীক্ষিত ছবি ‘ব্ৰহ্মাস্ত্ৰ’ই ছ’চিয়েল মিডিয়াত খাইছে মুখ থেকেচা ।
কালি নিশা মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰত ব্ৰহ্মাস্ত্ৰ চিনেমাখনৰ মুখ্য তাৰকাদ্বয় ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশই । পৰিস্থিতি দেখি আশীৰ্বাদ ল’বলৈ যোৱা ৰণবীৰ-আলিয়াই মন্দিৰত প্ৰৱেশ নকৰাকৈয়ে ৰাইজে নেদেখাকৈ উভতি আহিব লগা হয় । আচলতে 11 বছৰ পূৰ্বে ৰণবীৰ কাপুৰে গো-মাংসক লৈ এটা মত দিছিল, যাৰ প্ৰতিবাদস্বৰূপে বজৰং দলে ৰণবীৰ আৰু আলিয়াক মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিলে । ৰণবীৰ কাপুৰে গো-মাংসক লৈ কি বিবৃতি দিছিল জানো আহক ।
গো-মাংসক লৈ ৰণবীৰ কাপুৰৰ 11 বছৰীয়া বক্তব্য
মহাকালেশ্বৰ মন্দিৰত হুলস্থুলীয়া পৰিস্থিতিৰ তেতিয়া সৃষ্টি হ’ল যেতিয়া ৰণবীৰ কাপুৰে গো-মাংসক লৈ দিয়া বক্তব্যৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হ’বলৈ ধৰিলে (Ranbir Kapoor statement on Beef) । সংবাদ মাধ্যমৰ মতে, এই ভিডিঅ’টোত দেখা গৈছে যে এটা সাক্ষাৎকাৰত ৰণবীৰ কাপুৰে কয়, ‘I am a Big Beef Boy’ । এই ভিডিঅ’টো 11 বছৰ পুৰণি । ৰণবীৰ কাপুৰে কৈছিল যে তেওঁ মাটন, পায়া, ৰঙা মাংসও ভাল পায় । ৰণবীৰে কৈছিল, ‘মই গো-মাংস খাই বহুত ভাল পাওঁ আৰু হাঁহো’।
কিন্তু কিছুমানে কৈছে যে পুৰণি ভিডিঅ’টোক লৈ তেওঁৰ বক্তব্যৰ কিছু অংশ খেলি মেলিকৈ সংযোগ কৰি ভিডিঅ’টো নতুনকৈ সম্পাদনা কৰা হৈছে । কিন্তু ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত মানুহে এতিয়া তাকে লৈ #BoycottBrahmastra ট্ৰেণ্ড আৰম্ভ কৰিছে ৷