চিটাৰা ডেস্ক, 7 নৱেম্বৰ: 6 নৱেম্বৰত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে উদযাপন কৰে তেওঁলোকৰ মৰমৰ কন্যা ৰাহাৰ প্ৰথমটো জন্মদিন । এই বিশেষ দিনটোত আলিয়া আৰু ৰণবীৰে আয়োজন কৰে এক বৃহৎ জন্মদিনৰ পাৰ্টিৰ ৷ য’ত অংশগ্ৰহণ কৰে বলীউডৰ বহু চেলিব্ৰিটিয়ে । মুম্বাইৰ দ্য প্ৰাইভেট চেফছ ক্লাবৰ মুখ্য চেফ হৰ্ষ দীক্ষিতে শেহতীয়াকৈ ৰণবীৰ আৰু আলিয়াৰ সৈতে চেফ দলৰ এখন ফটো শ্বেয়াৰ কৰিছে । এই বিশেষ দিনটোৰ বাবে প্ৰস্তুত কৰা হৈছিল সুস্বাদু খাদ্য, যিটোৰ আভাস তেওঁ শ্বেয়াৰ কৰিছে।
আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে চেফ দলৰ সৈতে গ্ৰুপ ফটো শ্বেয়াৰ কৰে
আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে কন্যা ৰাহা কাপুৰৰ প্ৰথম জন্মদিন উদযাপনৰ বাবে এক গ্ৰেণ্ড পাৰ্টিৰ আয়োজন কৰে । এই পাৰ্টিৰ মেনুত ৰখা হৈছিল সুস্বাদু খাদ্য ৷ প্ৰাইভেট চেফছ ক্লাবে এই খাদ্য পৰিচালনা কৰিছিল, মুখ্য চেফ হৰ্ষ দীক্ষিতে পিতৃ-মাতৃ ৰণবীৰ আৰু আলিয়াৰ সৈতে চেফ দলৰ এখন ফটো শ্বেয়াৰ কৰিছে ৷ লগতে তেওঁলোকে সুস্বাদু খাদ্যৰ মেনু প্ৰকাশ কৰে য’ত আছিল ফ্ৰাই, ৰিবন চেণ্ডুইচ, ব্ৰী চিলি চীজ টোষ্ট, টেকো, ড’ছা আৰু অন্যান্য সুস্বাদু বস্তু ।
ৰাহাৰ প্ৰথম জন্মদিনৰ অনুষ্ঠানৰ কিছু আভাস শ্বেয়াৰ কৰিছে মাহীয়েক শ্বাহীন ভাটে