চিটাৰা ডেস্ক, 24 আগষ্ট :সোনকালেই অভিভাৱক হ’ব বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট । অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে দুয়োৱে সন্তান আগমনৰ বাবে ৷ কিন্তু সন্তান আগমনৰ সমান্তৰালকৈ ৰণবীৰ আৰু আলিয়াৰ জীৱনত আছে আৰু এক উৎকণ্ঠা ৷
ৰণবীৰ আৰু আলিয়াৰ প্ৰথমখন ছবি ‘ব্ৰহ্মাস্ত্ৰ’ ৰ বাবে অপেক্ষা কৰিছে দুই তাৰকাৰ লগতে তেওঁলোকৰ অনুৰাগীসকলে ৷ শেহতীয়াকৈ ব্ৰহ্মাস্ত্ৰৰ প্ৰচাৰৰ বাবে দুয়োকে একেলগে দেখা গৈছিল অনুষ্ঠান এটাত ৷ অনুষ্ঠানটোত ৰনবীৰে গৰ্ভধাৰণ কৰা পত্নী আলিয়াৰ পেটটো বাঢ়ি অহাৰ কথা কৈ ধেমালি কৰিছিল । তাতেই বিপদত পৰিল ৰণবীৰ ৷ ক্ষোভিত ফাটি আলিয়াৰ অনুৰাগী ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে ৰণবীৰে (Ranbir kapoor apology to alia fans) ৷
দৰাচলতে ৰণবীৰে ‘ব্ৰহ্মাস্ত্ৰ’ৰ প্ৰচাৰৰ সময়ত আলিয়া ভাটৰ সৈতে ধেমালি কৰিছিল ৷ যিটো ধেমালি কৰোতে আলিয়াইয়ো হাঁহিছিল ৷ কিন্তু আলিয়াৰ অনুৰাগী সকলে এই কথা সহজে ল’ব নোৱাৰিলে ৷ এতিয়া ৰণবীৰে ষ্পষ্টীকৰণ দিছে যে এই সন্দৰ্ভত তেওঁ কাৰোবাক মানসিক আঘাত দিছিল বুলি তেওঁ ভবাই নাছিল ৷ সকলো অনুৰাগীৰ ওচৰত ক্ষমা খুজি কৈছে যে এই ধেমালিত কোনোবাই আঘাত পাব বুলি তেওঁৰ কোনো ধাৰণা নাছিল আৰু তেওঁ কেৱল ধেমালি হিচাপেহে লৈছিল (Ranbir kapoor apologises) ।