চিটাৰা ডেস্ক, 9 ছেপ্টম্বৰ : ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট অভিনীত ছবি ‘ব্ৰহ্মাস্ত্ৰ’ নিৰ্মাণৰ বাবে সময় লাগিছিল সুদীৰ্ঘ 9 বছৰ ৷ ছবিখনে আজি সমগ্ৰ বিশ্বৰ ছবিগৃহতে মুক্তি লাভ কৰিছে (Brahmastra in cinema now) । ‘ব্ৰহ্মাস্ত্ৰ’ যেন ডুবিব ধৰা বলীউডৰ বাবে আশাৰ ৰেঙণি হৈ আহিছে ৷ ৰণবীৰ-আলিয়াৰ অনুৰাগীসকলৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল ৷
তাৎপৰ্যপূৰ্ণভাৱে 400 কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা হৈছে এই ছবিখন । কিন্তু কিছুদিনৰ পৰা দৰ্শকে বলীউডৰ ছবি বৰ্জন কৰি সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি আহিছে । যাৰ বাবে শেহতীয়াকৈ মুক্তি প্ৰাপ্ত এখন ছবিয়েও বক্স অফিচত সফলতা অৰ্জন কৰিব পৰা নাই ৷ এতিয়া বি-টাউনত ব্ৰহ্মাস্ত্ৰৰ মুক্তিৰ পিছত চাঞ্চল্যৰ সৃষ্টি হৈছে, কিয়নো আন ছবিসমূহৰ দৰেই ব্ৰহ্মাস্ত্ৰৰো অৱস্থা যদি একেই হয় তেন্তে বলীউডৰ উৰ্ধমুখী যাত্ৰা নিশ্চয়কৈ কঠিন হৈ পৰিব ।
‘ব্ৰহ্মাস্ত্ৰ’ক লৈ অনুমান কৰা হৈছে যে ছবিখনে হয়তো প্ৰথম দিনাই ৩০ কোটি টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব । উপাৰ্জনৰ এই পৰিসংখ্যা এডভান্স বুকিঙলৈ চাই উলিওৱা হৈছে । যদিহে খবৰবোৰ সঁচা হয় তেন্তে ছবিখনৰ এডভান্স বুকিঙত 2 লাখৰো অধিক টিকট বিক্ৰী হৈছে ।
একে সময়তে আজি 9 ছেপ্টেম্বৰ গণপতি বাপ্পাৰ বিসৰ্জন আৰু তাৰ পিছত শনিবাৰ দেওবাৰৰ তিনিদিনীয়া অবিৰত বন্ধই ছবিখনৰ উপাৰ্জনত এক ইন্ধন যোগাব পাৰে, কাৰণ যিহেতু একেলেথাৰিয়ে তিনিদিন বন্ধ পাইছে সেয়েহে মনোৰঞ্জনৰ বাবে প্ৰেক্ষাগৃহলৈ যোৱাৰ সম্ভাৱনা অধিক ৷