চিটাৰা ডেস্ক, 28 ছেপ্টেম্বৰ: শেহতীয়াকৈ বলীউডৰ তাৰকা ৰণবীৰ কাপুৰ, অনিল কাপুৰ আৰু ববি দেওলৰ অভিনীত একচন থ্ৰিলাৰ ছবি ‘এনিমেল’ৰ পৰা খলনায়কৰ ৰূপত ববী দেওলৰ ফাৰ্ষ্ট লুক প্ৰকাশ পাইছিল । ইয়াৰ পূৰ্বে ছবিখনৰ পৰা ৰশ্মিকা মান্দানা, ৰণবীৰ কাপুৰ আৰু অনিল কাপুৰৰ ফাৰ্ষ্ট লুক প্ৰকাশ পাইছিল ৷ ‘এনিমেল’ ছবিখনত অনিল কাপুৰে ৰণবীৰ কাপুৰৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিব ৷ ৰণবীৰ কাপুৰৰ আটাইতকৈ প্ৰত্যাশিত ছবিখনৰ বাবে বহুদিনৰে পৰা অপেক্ষা কৰি আছিল অনুৰাগীয়ে ৷ এতিয়া অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিব ৷ কিয়নো আজি মুকলি কৰা হৈছে ‘এনিমেল’ৰ টিজাৰ ৷ আজি ছবিখনৰ মুখ্য অভিনেতা ৰণবীৰ কাপুৰৰ ৪১ সংখ্যক জন্মদিন । অভিনেতাগৰাকীৰ জন্মদিনৰ এই বিশেষ ক্ষণত মুকলি কৰা হৈছে ছবিখনৰ টিজাৰ ৷
দক্ষিণৰ অভিনেতা বিজয় দেৱেৰাকোণ্ডাৰ সৈতে ‘অৰ্জুন ৰেড্ডী’ আৰু শ্বাহিদ কাপুৰৰ সৈতে ‘কবীৰ সিং’ নিৰ্মাণ কৰা পৰিচালক সন্দীপ ৰেড্ডী ভাংগাই ছবিখন পৰিচালনা কৰিছে ।
এনিমেলৰ টিজাৰ অপৰাধমূলক
২.২৬ মিনিটৰ টিজাৰত দেখা গৈছে ৰণবীৰ কাপুৰ, ৰশ্মিকা, অনিল কাপুৰ আৰু ছবিখনৰ খলনায়ক ববি দেওলক । টিজাৰ আৰম্ভ হয় ৰণবীৰ আৰু ৰশ্মিকাৰ পৰা । ৰণবীৰৰ পিতৃৰ বিষয়ে ৰশ্মিকাই কিবা এটা প্ৰশ্ন কৰে, ইয়াৰ পিচতে খঙত অগ্নিশৰ্মা পৰে অভিনেতাগৰাকী । ইয়াৰ পিচত অনিল কাপুৰক দেখা গৈছে ৰণবীৰৰ পিতৃৰ চৰিত্ৰত আৰু মাতৃক তেওঁ কৈছে আমি এজন অপৰাধীক জন্ম দিছো ৷ টিজাৰত দেখা অনুসৰি বুজিব পাৰি যে ৰণবীৰ এজন ধনী পিতৃৰ পুত্ৰ, যি পিছলৈ অপৰাধীলৈ পৰিণত হয় । টিজাৰত কোনো একচন দেখুওৱা হোৱা নাই যদিও কিছুমান দৃশ্য আছে যিয়ে ছবিখন চাবলৈ বাধ্য কৰিব দৰ্শকক । একে সময়তে টিজাৰৰ শেষৰ দৃশ্যটোত ববি দেওলক দেখা গৈছে, য’ত তেওঁক এজন চাইকো খলনায়কৰ চৰিত্ৰত দেখা গৈছে ৷