অসম

assam

ETV Bharat / entertainment

নিজৰ বায়’পিকত এইগৰাকী অভিনেতাক দেখিব বিচাৰে যুৱৰাজ সিঙে

Yuvraj Singh biopic: যুৱৰাজ সিঙৰ বায়’পিক নিৰ্মাণ হ’ব ৷ কোনে কৰিব অভিনয় ? যুৱৰাজ সিঙে প্ৰকাশ কৰিলে এই কথা ৷

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 1:19 PM IST

Ranbir is a great actor and will be the right choice for my biopic: Yuvraj Singh
যুৱৰাজ সিঙৰ বায়’পিক নিৰ্মাণ হ’ব

চিটাৰা ডেস্ক, ১৬ জানুৱাৰী: ২০০৭ চনৰ বিশ্ব টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে এটা অভাৰত ছটা ছয় সংগ্ৰহ কৰাৰ বাবে পৰিচিত যুৱৰাজ সিং । খেলপথাৰত এজন প্ৰতিভা সম্পন্ন খেলুৱৈ হিচাপে নিজৰ যোগ্যতা প্ৰমাণ কৰি আহিছে ভাৰতৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰগৰাকীয়ে । কেৱল ইমানেই নহয়, কৰ্কট ৰোগকো পৰাস্ত কৰি জীৱন যুঁজত জয় লাভ কৰিছে যুৱৰাজ সিঙে । সেয়েহে, তেওঁৰ জীৱন কাহিনী বায়’পিকৰ যোগ্য । শেহতীয়াকৈ তেওঁৰ জীৱনীমূলক ছবিখনত কোনগৰাকী অভিনেতাক তেওঁৰ চৰিত্ৰত অভিনয় কৰা দেখিব বিচাৰে বুলি তেওঁক প্ৰশ্ন কৰা হৈছিল ৷ এই প্ৰশ্নৰ উত্তৰত কোনগৰাকী অভিনেতাৰ বিষয়ে ক’লে জানো আহক এই প্ৰতিবেদনত ।

উল্লেখ্য যে, যুৱৰাজ সিং এজন প্ৰাক্তন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ যিয়ে সকলো ফৰ্মেটতে খেল খেলিছে । খেলপথাৰত থকাৰ সময়তে বাওঁহাতৰ অলৰাউণ্ডাৰগৰাকীয়ে কেইবাটাও অভিলেখ ভংগ কৰি জীৱন যুঁজত কৰ্কট ৰোগৰ সৈতে যুঁজি বিজয়ী হৈছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সিঙে কয়, তেওঁ নিজৰ বায়’পিকৰ পৰিকল্পনা প্ৰকাশ কৰে ।

তেওঁৰ বায়’পিকৰ বাবে কোনজন অভিনেতা সঠিক পছন্দ হ’ব সেয়া শ্বেয়াৰ কৰি সিঙে কয় যে ৰণবীৰ কাপুৰৰ এনিমেল চোৱাৰ পিচত তেওঁ অনুভৱ কৰে যে ৰণবীৰ কাপুৰ তেওঁৰ বায়’পিকখনত নিজৰ ভূমিকা পালন কৰিবলৈ নিখুঁত হ’ব । ক্ৰিকেটাৰগৰাকীয়ে কয়, "শেহতীয়াকৈ মই এনিমেল চাইছিলো আৰু মই ভাবো মোৰ বায়’পিকৰ বাবে ৰণবীৰ কাপুৰ নিখুঁত হ’ব । কিন্তু, সেয়া পৰিচালকৰ সিদ্ধান্ত হ’ব । আমি নিশ্চিতভাৱে ইয়াৰ ওপৰত কাম কৰি আছো আৰু সোনকালে কিছু ভাল খবৰ আহিব ।"

ৰণবীৰ কাপুৰৰ এনিমেলৰ বিষয়ে:

সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত একশ্যন-ড্ৰামা ছবি এনিমেলে বক্স অফিচত বহু অভিলেখ ভংগ কৰিছিল । ছবিখনত ৰণবীৰ কাপুৰে পিতৃক হত্যাৰ চেষ্টা কৰা হত্যাকাৰীৰ পৰা প্ৰতিশোধ ল’ব বিচৰা পিতৃপ্ৰেমী পুত্ৰ ৰণবিজয় সিঙৰ চৰিত্ৰত অভিনয় কৰিছে । তেওঁৰ উপৰিও অনিল কাপুৰ, ববি দেওল, ৰশ্মিকা মন্দন্না, তৃপ্তি ডিমৰী, শক্তি কাপুৰ, প্ৰেম চোপ্ৰা, সুৰেশ ওবেৰয়ৰ লগতে বহু প্ৰতিভাৱান অভিনেতাকো ছবিখনত দেখা পোৱা গৈছে ৷

লগতে পঢ়ক:Illaiyaraaja Biopic: কিংবদন্তি সংগীতজ্ঞ ইল্লিয়াৰাজাৰ বায়’পিকত দেখা যাব এইগৰাকী ছুপাৰষ্টাৰক

ABOUT THE AUTHOR

...view details