অসম

assam

By

Published : Apr 14, 2022, 12:43 PM IST

ETV Bharat / entertainment

Ranbir Alia Wedding : কৃষ্ণাৰাজ বাংলোৰ পৰা বাস্তু পালেগৈ বৰযাত্ৰী

বুধবাৰে মেহেন্দী অনুষ্ঠান সম্পন্ন হৈ যায় আলিয়া-ৰণবীৰৰ ৷ এতিয়া সকলোৱে উৎকণ্ঠাৰে ৰৈ আছে দুয়োৰে বৈবাহিক অনুুষ্ঠান সুকলমে অনুষ্ঠিত হোৱালৈকে (Ranbir Alia Wedding) ৷

Ranbir Alia Wedding
আলিয়া আৰু ৰণবীৰ

চিটাৰা ডেস্ক, 14 এপ্ৰিল :বলীউডৰ আকাশে-বতাহে এতিয়া মাথো চলিছে দুটাই নাম ৰণবীৰ-আলিয়া ৷ দুয়োৰে বিয়াখনক লৈ সাংঘাতিক চৰ্চা বলীউড জগতৰ লগতে অনুৰাগীসকলৰ মাজত ৷ বিয়াৰ আগমূহুৰ্তলৈকে পৰিয়ালৰ ফালৰ পৰাহে কিন্তু মন্তব্য ৰাজহুৱা নকৰিলে(Ranbir Alia Wedding) ৷

কিন্তু পাপাৰাজীৰ পৰা সাৰি যায় কোন ! তাৰকা দুগৰাকীৰ দুয়োখন ঘৰতে বিবাহ অনুষ্ঠানকলৈ চলা পূৰ্ণ প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি বুধবাৰৰ মেহেন্দীৰ অনুষ্ঠানলৈকে সকলো খবৰ ৰাখিছে পাপাৰাজীয়ে ৷ সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ মাজত সম্পন্ন কৰা হৈছে বিবাহৰ পূৰ্বৰ অনুষ্ঠানসমূহ ৷

এতিয়া সকলো উৎসুক হৈ পৰিছে বিয়াখনক লৈ ৷ পূৰ্বৰ খবৰ অনুসৰি 14 এপ্ৰিল বৃহস্পতিবাৰে দুয়োৰে বিয়া সম্পন্ন হ’ব (Ranbir Alia wedding date) ৷ ৰণবীৰ আৰু আলিয়াই বিয়াৰ পিছত থাকিবলগীয়া নতুনকৈ সজাই পৰাই লোৱা কৃষ্ণাৰাজ বাংলোৰ পৰা বাস্তুলৈ গমন কৰিছে কাপুৰ পৰিয়ালৰ সদস্যসকল ৷ তাৰ পৰাই ওলাই যাব বৰযাত্ৰী ৷

বাস্তুৰ ইণ্টেৰিয়ৰ ডিজাইনাৰ হ’ল গৌৰী খান ৷ উল্লেখযোগ্য যে, ৰণবীৰ 2016 চনত চেম্বুৰৰ পৰা আহি বাস্তুত বাস কৰিবলৈ লৈছিল ৷

লগতে পঢ়ক :Ranbir Alia wedding : ৰণবীৰ-আলিয়ালৈ শুভেচ্ছা জনাই অয়ন মুখাৰ্জীৰ বিশেষ উপহাৰ

ABOUT THE AUTHOR

...view details