চিটাৰা ডেস্ক, 24 জুন:টিভিৰ জনপ্ৰিয় ধৰ্মীয় ধাৰাবাহিক ‘ৰামায়ণ’ নিৰ্মাণ কৰা ৰামানন্দ সাগৰৰ নাতিনীয়েক সাক্ষী চোপ্ৰাক লৈ এটা ডাঙৰ খবৰ আহিছে । খবৰ অনুসৰি সাক্ষী চোপ্ৰাই অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত প্ৰচাৰ হ’বলগীয়া এটা শ্ব’ৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে । উল্লেখনীয় যে সাক্ষীয়ে এই শ্ব’টোত কাম কৰিছিল । ইয়াৰ উপৰিও সাক্ষীয়ে শ্ব’টোৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে প্ৰতাৰণা আৰু মিছা আশ্বাস দিয়াৰ অভিযোগো উত্থাপন কৰিছে ।
উল্লেখ্য যে ৰামানন্দ সাগৰৰ নাতিনীয়েক সাক্ষী চোপ্ৰাই ইনষ্টাগ্ৰাম একাউন্টৰ এটা পোষ্টত শ্বেয়াৰ কৰিছে এই তথ্য ৷ পোষ্টত সাক্ষীয়ে জনাইছে যে ৱেব শ্ব’টোৰ নিৰ্মাতাসকলে তেওঁক যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰাইছিল । গোৱাৰ ক্লাবত অচিনাকি মানুহক তেওঁৰ সৈতে নাচিবলৈ দিয়া হৈছিল, অনুপযুক্ত মন্তব্য কৰা আৰু আনকি ৰাজপথত অদ্ভুত শব্দ কৰি পিঠিত খোঁচ দিয়া বুলিও অভিযোগ উত্থাপন কৰে ।
যৌন নিৰ্যাতনৰ বলি হ’ল সাক্ষী চোপ্ৰা
সাক্ষী চোপ্ৰাই নিজৰ ইনষ্টাগ্ৰাম পোষ্টত লিখিছে – নেটফ্লিক্সৰ ছ’ল প্ৰডাকচনত মোক যৌন নিৰ্যাতন কৰা হৈছিল । মোৰ বল্ড কাপোৰ আৰু ফেশ্বন দেখি তেওঁলোকে ধৰি লৈছিল যে মই যিকোনো কাম কৰাত মোৰ কোনো সমস্যা নহ’ব। মই মোৰ সংগীত, পৰিয়াল আৰু শান্তি উপভোগ কৰো । মোৰ জীৱনত মই মাত্ৰ সেইটোৱেই বিচাৰো । মই খুব স্পষ্টকৈয়ে কৈছিলোঁ যে কোনোবাদিনা যদি কামৰ অফাৰ লাভ কৰো তেন্তে মাতৃৰ অবিহনে মই চহী কৰিব নোৱাৰো ।
সাক্ষী চোপ্ৰাই লিখিছে – মৃদুলে মোৰ স্তন আৰু মোৰ ফিগাৰৰ কথা মুকলিকৈ কৈছিল, যাতে তেওঁ ৰেকৰ্ডিং কৰি সকলোকে শুনাব পাৰে । এবছৰ ধৰি তেওঁলোকে মোক ক’লে যে ই কেৱল এটা গেম শ্ব’হে। নেটফ্লিক্সৰ এই ছ’ল প্ৰডাকচনে মোৰ লগত আৰু বহু মানুহক একেটা ঘৰতে আবদ্ধ কৰি ৰাখিবলৈ অনুমতি দিছিল । কিমান শ্বাসৰুদ্ধ হৈ পৰিছিল মই বৰ্ণনাও কৰিব নোৱাৰো ।