চিটাৰা ডেস্ক, 24 জানুৱাৰী :অকস্মাতে বিখ্যাত চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলীক নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ ক’লে বিতৰ্কিত চিত্ৰ নিৰ্মাতা ৰাম গোপাল বাৰ্মাই ৷ বাৰ্মাৰ এই টুইটে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়া ৷ ৰাম গোপাল বাৰ্মাই মুকলিকৈ প্ৰকাশ কৰিছে যে ৰাজামৌলীক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু তেওঁ নিজে সেই দলত অন্তৰ্ভূক্ত হৈ আছে ৷
দৰাচলতে ৰাম গোপাল বাৰ্মাই ধাৰাবাহিকভাৱে টুইট কৰি চিত্ৰ নিৰ্মাতা ৰাজামৌলীৰ প্ৰশংসা কৰে (Ram Gopal Varma twitter) ৷ পেছাগতভাৱে এছ এছ ৰাজামৌলীক হিংসা কৰাৰ বাবে একত্ৰিত হোৱা আন আন চিত্ৰ নিৰ্মাতা সকলৰ দলত তেৱো সংযোগ হৈছে বুলি বাৰ্মাই কৌতুকপূৰ্ণ টুইট কৰে ৷ সকলোৱে মিলি ৰাজামৌলীক হত্যা কৰাৰ পৰিকল্পনা কৰিছে বুলি তেওঁ উল্লেখ কৰে ৷ সেয়েহে ৰাজামৌলীক নিজৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ কয় তেওঁ ৷
বাৰ্মাই টুইটাৰত 28 তম ক্ৰিটিকচ চইচ এৱাৰ্ডৰ মঞ্চত জেমছ কেমেৰুনৰ সৈতে হোৱা ৰাজামৌলীৰ বাৰ্তালাপৰ এটা ভিডিঅ' পুনৰ শ্বেয়াৰ কৰে য'ত আৰ আৰ আৰে শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ বঁটা লাভ কৰিছিল । ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ কেপছনত লিখিছে, "দাদা চাহেব ফাল্কেৰ পৰা এতিয়ালৈকে, @ssrajamouli কে ধৰি ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত কোনোৱে কল্পনা কৰিব পৰা নাছিল যে কোনোবা দিনা এজন ভাৰতীয় পৰিচালক এই মুহূৰ্তৰ মাজেৰে যাব" ৷